নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঙাত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইকচালক

বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত চেঙাত আজি পুৱা প্ৰায় ৭:১০ বজাত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। চেঙাৰ কিষাণ পেট্ৰল পাম্পৰ সন্মুখত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয়। নিহত হোৱা লোকজন বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰমাৰা গাঁৱৰ নুৰ মহম্মদ আলী (৬০) বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে, নুৰ মহম্মদ আলী নামৰ লোকজনে গুৱাহাটী-হাজো-দৌলাশাল-বৰপেটা পথৰ খংৰা দিশৰ পৰা বৰপেটা অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত পেট্ৰ’ল পাম্পৰ সন্মুখত ৰখাই থোৱা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত থিতাতে নিহত হয় বাইক চালক নুৰ মহম্মদ আলী। কিষাণ পেট্ৰল পাম্পৰ সন্মুখত ৰখাই থোৱা মালবাহী ট্ৰাকখনৰ নম্বৰ হৈছে এএছ- ০১ডিডি-৯৭৬৩। আনহাতে, দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হৈছে এএচ-০১বি এইচ- ৭২৭৩।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত তাৰাবাৰী থানাৰ আৰক্ষীৰ দল এটি উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুৰ্ঘটনাত পতিত বাইকখন আৰু ট্ৰাকখন উদ্ধাৰ কৰি তাৰাবাৰী থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত মৃতদেহটো স্বগৃহলৈ অনাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ঘন কুঁৱলীৰ বাবে উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় একাংশ লোকে মন্তব্য কৰে। আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা, দৌলাশাল, ২৩ ডিচেম্বৰ :
You might also like