নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৪ নৱেম্বৰ : ভূপালত ১১ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত মহৰ্ষি বিদ্যা মন্দিৰ পৰিয়ালে আয়োজন কৰা ৰাষ্ট্ৰীয় স্কুল যোগাসন প্ৰতিযোগিতাত নগৰবেৰা পিজুপাৰাৰ মৃগেশ ঠাকুৰীয়া আৰু গুৱাহাটীৰ বাসিন্দা ধ্ৰুপদ ভৰদ্বাজে যুটীয়াভাৱে প্ৰথম স্থান দখল কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় | দুয়োগৰাকী ছাত্ৰ গুৱাহাটী মহৰ্ষি বিদ্যামন্দিৰৰ ছাত্ৰ | এই সফলতাত শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী সমন্বিতে দুয়োটি পৰিয়ালতে উছাহৰ ঢৌ নামিছে |
Prev Post