মিজোৰামত BJPৰ পৰাজয়, MNF-ৰ বৃহৎ বিজয়
মিজোৰামৰ ডাম্পা আসনত অনুষ্ঠিত উপ-নিৰ্বাচনত মিজো নেচনেল ফ্ৰণ্ট (MNF)-ৰ প্ৰাৰ্থী ড° আৰ. লালথাংলিনাই বিজয় অৰ্জন কৰিছে। তেওঁৰ মুট ভোট হৈছে ৬৯৮১।
আনহাতে কংগ্ৰেছে তৃতীয় স্থান লাভ কৰে ২৩৯৪ ভোটেৰে। ভাৰতীয় জনতা পাৰ্টি (BJP)-এ মাত্ৰ ১৫৪১ ভোট লাভ কৰি চতুৰ্থ স্থানত থাকে।
এই আসনৰ ফলাফলে স্পষ্ট দেখুৱাইছে যে মিজোৰামত BJP-ৰ প্ৰদৰ্শন অত্যন্ত দুর্বল আছিল, আৰু MNF-এ শক্তিশালী ধৰণে এই আসন দখল কৰিবলৈ সক্ষম হৈছে।
ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ