নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমভিত্তিক যোগাসন প্ৰতিযোগিতাত উজলিল মৃগেশ ঠাকুৰীয়া

নিয়মীয়া বাৰ্তা, ২৭ জুলাই : সদৌ অসম ভিত্তিত অনুষ্ঠিত ৰাজ্যিক যোগাসন প্ৰতিযোগিতাত নগৰবেৰা পিজুপাৰাৰ আন্তঃৰাষ্ট্ৰীয় যোগ খেলুৱৈ মৃগেশ ঠাকুৰীয়াই কলাত্মক (Artistic) যোগাসনত সোণৰ পদক আৰু পৰম্পৰাগত (Traditional) যোগাসনত ৰূপৰ পদক দখল কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হয় | আগলৈ এছিয়ান আৰু অলিম্পিকলৈ লক্ষ্য কৰি দেশৰ হৈ সুনাম অৰ্জনৰ বাবে অনুশীলন অব্যাহত ৰাখিছে মৃগেশ ঠাকুৰীয়াই |

উল্লেখ্য যে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু চৰাইদেউ জিলা যোগাসন ক্ৰীড়া সন্থাৰ সহযোগত সাপেখাতী মজলীয়া বিদ্যালয় খেলপথাৰত ২৪ জুলাইত আয়োজন কৰা হৈছিল ৰাজ্যিক ভিত্তিত যোগাসন প্ৰতিযোগিতা |

মৃগেশ ঠাকুৰীয়া নগৰবেৰা পিজুপাৰাৰ প্ৰণয় ঠাকুৰীয়াৰ সুপুত্ৰ আৰু পৰিয়ালটো চাকৰি সূত্ৰে গুৱাহাটীৰ বাসিন্দা | মৃগেশ ঠাকুৰীয়াৰ এনে কৃতিত্বৰ খবৰে বৃহত্তৰ নগৰবেৰা অঞ্চলবাসীক উৎফুল্লিত কৰিছে আৰু আগলৈ সকলোৱে অধিক সফলতা কামনা কৰিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like