নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতিৰুদ্ৰ মহাযজ্ঞৰ অন্তিম দিনা সপত্নীক মুখ্যমন্ত্ৰীৰ যজ্ঞাহুতি

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ যোৱা ২১ ছেপ্টেম্বৰৰ পৰা আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত সাত দিনিয়াকৈ অনুষ্ঠিত হোৱা অতিৰূদ্ৰম মহাযজ্ঞৰ আজি সপ্তম তথা অন্তিম দিন।  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, বিজেপি কিষান মৰ্চাৰ ৰাজ্যিক উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য‌‌‌, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰানজিৎ ডেকাৰ তত্বাৱধানত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত এই অতিৰুদ্ৰম মহাযজ্ঞৰ আজি অন্তিম দিনা ভক্তৰ লানি নিচিগা সোত বয়।  আন দিনাৰ দৰে আজিও পুৱা  দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৫০গৰাকী পুৰোহিতৰ মন্ত্ৰধ্বনিৰে যজ্ঞৰ কাৰ্য্যসূচী আৰম্ভ কৰা হয়। পুৱাৰ পৰাই ভক্তৰ  লানি নিচিগা সমাগমে যজ্ঞস্থলীত উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হয়। মন্ত্ৰী, বিধায়ক, সাংসদ, আমোলা, বিষয়াকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন লোকে ভাগ ললে এই অতিৰুদ্ৰম মহাযজ্ঞৰ পূৰ্ণাহুতিত। অন্তিম দিনাও দিনৰ প্ৰায় ১২ বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে আহি যজ্ঞৰ পূৰ্ণাহুতিত অংশগ্ৰহণ কৰে। যজ্ঞৰ পূৰ্ণাহুতি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সপত্নীক শিৰত যজ্ঞৰ ঘট লৈ পুৰোহিতসকলৰ লগত যজ্ঞস্থলী প্ৰদক্ষিণ কৰে। এই অতিৰুদ্ৰম মহাযজ্ঞত মুখ্যমন্ত্ৰীগৰাকীয়ে চতুৰ্থ দিনৰ বাবে অংশগ্ৰহণ কৰে। ৰাজ্য তথা দেশৰ জণগনৰ মঙ্গলৰ বাবে মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁৰ সহধৰ্মিণীয়ে যজ্ঞত  আহুতি দি সেৱা ললে। আজিৰ পূৰ্ণাহুতিত মুখ্যমন্ত্ৰী আৰু তেওঁৰ সহধৰ্মিণীৰ সৈতে অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহল, গুৱাহাটীৰ সাংসদ কুইন ওজা, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা,  বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, বিজেপি কিষান মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য‌‌‌ আদিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্ণাহুতিত সহায় কৰে কামৰূপৰ জিলা আয়ুক্ত কীৰ্তি জল্লী, মহকুমাধিপতি ৰশ্মি প্ৰতাপ, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া অপ্ৰতীম গোস্বামী,  জিলা আৰক্ষী অধীক্ষক হিতেশ ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু অন্যান্য বিষয়াসকলে। মুঠ ১১টা কুণ্ডত আঢ়ৈশ পুৰোহিতে সমাপন কৰিলে যজ্ঞৰ পূৰ্ণাহুতিৰ বৈদিক পৰ্ব। যজ্ঞত মুঠ ১৫০০০ জপ কৰা হয়। আজিৰ অন্তিম দিনা বৈদিক নীতি নিয়ম অনুসৰি যজ্ঞানুষ্ঠান পুৱাৰ পৰাই আৰম্ভ কৰি গধূলি  ১৫০০ ৰূদ্ৰ পাঠেৰে সামৰণি কৰে যজ্ঞানুষ্ঠানৰ। উল্লেখযোগ্য যে ২০১৮ চনত পিছত জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰা হয় এই অতিৰুদ্ৰম মহাযজ্ঞৰ।

প্ৰেৰক মুনীন ডেকা 

You might also like