নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবর্ষ ধর্মনিৰপেক্ষ হৈ থাকিব লাগিলে হিন্দু সভ্যতা থাকিবই লাগিব

চন্দ্রপুৰত শংকৰদেৱ শিশু বিদ্যা নিকেতনত ড০ শর্মা

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ ভাৰতবর্ষ যদি ধর্মনিৰপেক্ষ হৈ থাকিব লাগে, তেন্তে হিন্দু সভ্যতা থাকিবই লাগিব৷ দেশৰ উদাৰতা, সভ্যতাই আমাক ধর্মনিৰপেক্ষ হিচাপে জন্ম দিছে আৰু ধর্মনিৰপেক্ষ হৈ থকাৰ প্রচেষ্টা আমাৰ অতীজৰে পৰা আছে৷ –এই মন্তব্য বিত্ত, স্বাস্থ্য, শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ চন্দ্রপুৰৰ হাজংবড়িস্থিত বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্রকল্পত শুকুৰবাৰে প্রধান আচার্যসকলৰ এখন কর্মশালাত অংশগ্রহণ কৰি এইদৰে মন্তব্য কৰে মন্ত্রীগৰাকীয়ে৷ দেশৰ ধর্মনিৰপেক্ষতাক লৈ শেহতীয়াকৈ এচাম লোকে বিজেপি তথা ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ কার্যকলাপ সন্দর্ভত কৰি অহা বিতর্কৰ প্রসংগত মন্ত্রীগৰাকীয়ে কয়– ধর্মনিৰপেক্ষ হ’বলৈ আমাক সংবিধানে ক’ব নালাগে৷ ভাৰতবর্ষৰ উদাৰতা, সভ্যতাই আমাক ধর্মনিৰপেক্ষ হিচাপে জন্ম দিছে আৰু ধর্মনিৰপেক্ষ হৈ থকাৰ এই প্রচেষ্টা আমাৰ অতীজৰে পৰাই আছিল, ভৱিষ্যতেও থাকিব৷

বিদ্যা ভাৰতী শিক্ষা প্রকল্পৰ প্রধান আচার্যসকলৰ উপস্থিতিত মন্ত্রীগৰাকীয়ে তেওঁৰ ভাষণত কয়– ভাৰতবর্ষ যেতিয়া স্বাধীন হৈছিল, তেতিয়া এই দেশখন আছিল আমাৰ প্রাচীন সভ্যতাৰ বিচৰণ ভূমি৷ যিখন দেশত একত্রীকৰণৰ সপোন আর্য–চাণক্যই বহুদিন আগতেই দেখিছিল, সেই দেশখন দ্বিখণ্ডিত হ’ল৷ পৰৱর্তী সময়ত আমি ভাৰতক তিনিখন দেশ হিচাপে দেখা পাইছিলোঁ৷ ক’ৰবাত নহয় ক’ৰবাত ভাৰতীয় সভ্যতাই আফগানিস্তানৰ এটা অংশ সামৰি লৈছিল৷ কিন্তু স্বাধীনতাৰ ৭০ বছৰৰ পাছত আমি যদি লক্ষ্য কৰোঁ পাকিস্তানত যিসকল হিন্দু লোক আছিল, তেওঁলোকৰ পৰিচয় ক্রমাৎ বিলীন হৈ গ’ল৷ দেশখনত থকা এচাম হিন্দুৱে ধর্ম পৰিৱর্তন কৰিলে৷ আন এচাম হিন্দুৱে দুর্ভাগ্যৰ পৰা নিজকে বচাবলৈ বিভিন্ন সময়ত ভাৰতলৈ প্রব্রজন কৰিলে৷ ভাৰতীয় দর্শনেৰে দক্ষিণ–পূব এছিয়াত মূৰ দাঙি থকা ভাৰতবর্ষৰ বিপৰীতে পাকিস্তান আক্রান্ত হ’ল মৌলবাদী চিন্তাধাৰাৰে৷ সন্ত্রাসবাদ, মৌলবাদ, ধর্মীয় গোড়ামি এই আটাইবোৰে গ্রাস কৰিলে দেশখনক৷ কাৰণ তাৰ ৰাজনৈতিক নেতাসকলে সিদ্ধান্ত লৈছিল যে সেই দেশখন ইছলামিক গণতান্ত্রিক দেশ হিচাপে নির্মাণ হ’ব৷ ঠিক সেই ধৰণে বাংলাদেশৰ বুকুতো হিন্দু, বৌদ্ধ আদি যিমানবিলাক ধর্মীয় সংখ্যালঘু লোক আছিল, তেওঁলোকে আজি নিজৰ সভ্যতা–সংস্কৃতি হেৰুৱাই পেলাইছে৷ চাওঁতে চাওঁতে ৩০ শতাংশ জনসাধাৰণ, যি হিন্দু–বৌদ্ধ লোক আছিল, সেইসকল লোক আজি নোহোৱা হৈছে৷ তেওঁলোকক ধর্মান্তৰকৰণৰ বাবে বাধ্য কৰোৱা হৈছে৷ কিন্তু সেই সময়ত যিসকল সংবিধান প্রণেতা আছিল, সেই প্রণেতাসকলে ভাৰতক ধর্মৰ সৈতে সংযোজিত নকৰি আমাৰ সভ্যতা–সংস্কৃতিৰ সৈতে সংযোজন কৰাৰ সিদ্ধান্ত লৈছিল৷ তাৰ ফলত ভাৰতৰ বুকুত সংখ্যালঘুসকল বিলুপ্ত হোৱা নাই৷ বৰঞ্চ সকলো ধৰণৰ সুবিধা লাভ কৰিছে তথা বিকাশৰ পথত আগবাঢ়ি যোৱাৰ সুবিধা লাভ কৰিছে৷ অর্থাৎ যেতিয়াই দেশৰ শাসক, দেশৰ অভিভাৱকৰ দায়িত্ব হিন্দুসকলৰ ওপৰত ন্যস্ত হৈছে, তেতিয়াই ন্যায় হৈছে৷

ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে কয়– ভাৰতবর্ষৰ সভ্যতাক সহনশীলতাৰ নীতিৰে গ্রহণ কৰিবলৈ আমি সক্ষম হৈছোঁ৷ দেশখন যদি হিন্দু নহ’লহেঁতেন, শাসক যদি হিন্দু নহ’লহেঁতেন, হিন্দু অবিহনে শাসনকর্তা যদি পাকিস্তানৰ দৰে শাসক হ’লহেঁতেন, তেন্তে ভাৰতবর্ষতো এটা ধর্ম, এটা সভ্যতাৰ বিকাশ হ’লহেঁতেন৷ হিন্দু হোৱাৰ যি শিক্ষা, এই শিক্ষাই প্রকৃত মানুহ হোৱাৰ শিক্ষা৷ এজন হিন্দুৱে আনক ৰক্ষা কৰিব পাৰে৷ ভাৰতবর্ষ যদি ধর্মনিৰপেক্ষ হৈ থাকিব লাগে, তেন্তে হিন্দু সভ্যতা, সনাতনী ধর্ম গংগাৰ দৰে নির্মল হৈ বৈ থাকিব লাগিব৷ এক বিশেষ সম্প্রদায়ৰ আগ্রাসনৰ প্রসংগ উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয়– আপোনালোকে দেখা পাব যিখন গাঁৱত হিন্দু আছে, সেই গাঁওবাসীয়ে সকলো ধর্মৰ লোককে ভোট দিয়ে৷ হিন্দু সমাজত বিজেপি আৰু জনসংঘই একেলগে সকলো ভোট পোৱা সম্ভৱ নহয়৷ কিন্তু যিসকলে ধর্মনিৰপেক্ষতাৰ কথা কয়, ভাৰতৰ ধর্মনিৰপেক্ষতা উদ্ধাৰ কৰিব লাগে বুলি কয়, তেওঁলোকে কিন্তু এটা ধর্মকে ভোট দিয়ে৷ তেওঁলোকৰ ওচৰত গির্জাও নাথাকিব, নামঘৰো নাথাকিব৷ এক কথাত তেওঁলোকৰ ওচৰত এজনক বাদ দি আন একো হ’ব নোৱাৰে৷ আমি যদিও সনাতন ধর্মৰ কথা কওঁ আমাৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্র–ছাত্রীৰ মাজত বিভেদৰ চিন্তা নকৰোঁ৷ ইয়াৰ বিপৰীতে বিশেষ সম্প্রদায়টোৱে ফলে–ফুলে জাতিষ্কাৰ হৈ থাকিবলৈ চিন্তা কৰে৷ তেওঁলোকে মিঞা কবিতা, মিঞা মিউজিয়ামৰ কথা কৈ সমাজক কলুষিত কৰিছে৷ আজি আমি নিজকে হিন্দু বুলি পৰিচয় দিবলৈ পাই ধন্য মানিছোঁ৷ উল্লেখ্য যে আজিৰ কর্মশালাত নতুন শিক্ষা নীতি সন্দর্ভত চলা আলোচনাত মন্ত্রীগৰাকীয়ে ৰাজ্যৰ সকলো ভাষা–জনগোষ্ঠীক প্রাধান্য দিয়াৰ পোষকতা কৰে৷ এইক্ষেত্রত মাতৃভাষা প্রচাৰ আৰু প্রসাৰতাৰ ক্ষেত্রত শিশু শিক্ষা সমিতিয়ে আৰম্ভণিৰে পৰাই প্রচেষ্টা চলাই থকাৰ কথাও উল্লেখ কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰ বাবে তেওঁ শিশু শিক্ষা সমিতিৰ শলাগ লয়৷ লগতে ২০২২ চনৰ শিক্ষাবর্ষৰ পৰা নতুন শিক্ষা নীতি গ্রহণ কৰাৰ কথা উল্লেখ কৰে৷ মন্ত্রীগৰাকীয়ে ধর্মীয় শিক্ষা ব্যৱস্থাৰ বিৰোধিতা কৰি নতুন শিক্ষা নীতিয়ে ধর্মনিৰপেক্ষ শিক্ষা ব্যৱস্থা প্রৱর্তন কৰাৰ কথা উল্লেখ কৰে৷ আজিৰ অনুষ্ঠানতে সদ্যঘোষিত এ পি এছ চি পৰীক্ষাত সফলতা লাভ কৰা শংকৰদেৱ শিশু নিকেতন আৰু বিদ্যা ভাৰতীৰ প্রাক্তন শিক্ষার্থী ক্রমে নিমাশ্রী ডাউকা, অনুৰাগ ৰুদ্র আৰু সংগীতা বৰুৱাক সম্বর্ধনা জনোৱা হয়৷ কর্মশালাত শিক্ষামন্ত্রী ড০ শর্মাৰ উপৰি শিশু শিক্ষা সমিতিৰ সভাপতি ড০ নির্মল বৰুৱা, সম্পাদক কুলেন্দ্র ভাগৱতী, শিক্ষা সচিব কল্যাণ বি চক্রৱর্তীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

‘‘কা’ আন্দোলনৰ বাবে নহয়, মাওবাদীৰে সম্পর্ক থকাৰ বাবেহে গ্রেপ্তাৰ হৈছে অখিল গগৈ’
‘কা’বিৰোধী আন্দোলনৰ বাবে গ্রেপ্তাৰ হোৱা নাই অখিল গগৈ৷ সেয়া মানুহৰ ভুল ধাৰণা৷ মাওবাদীৰে সম্পর্ক ৰক্ষা কৰাৰ প্রমাণ পোৱা বাবেহে অখিল গগৈক গ্রেপ্তাৰ কৰা হৈছে৷ –আজি এই মন্তব্য প্রকাশ কৰিলে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ চন্দ্রপুৰত এক অনুষ্ঠানত ভাগ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে কয়– এন আই এৰ চার্জশ্বীটত উল্লেখ কৰা মতে অখিল গগৈয়ে মাওবাদীৰ প্রশিক্ষণ ল’বলৈ ল’ৰা পঠিয়াইছিল আৰু তেওঁ পঠিওৱা ল’ৰাই সন্ত্রাসবাদীৰ প্রশিক্ষণ লৈ অসমলৈ ঘূৰি আহিছিল৷ অসমলৈ আহি মাওবাদী কাম–কাজ আৰম্ভ কৰিছিল৷ সেই চার্জশ্বীটৰ তথ্যৰ ভিত্তিতহে গ্রেপ্তাৰ হৈছিল অখিল গগৈ৷ মন্ত্রীগৰাকীয়ে ইয়াকো কয়– আমি কোনোবা ব্যক্তি জে’লত থকা–নথকাক লৈ ৰাজনীতি নকৰোঁ৷ কোন জে’লত থাকিব, কোন নাথাকিব, সেই সিদ্ধান্ত আইনে ল’ব৷ অখিল গগৈ গ্রেপ্তাৰ ৰাষ্ট্রদ্রোহ বা ‘কা’ আন্দোলনক সমর্থন কৰাৰ বাবে হোৱা নাই৷ দীর্ঘদিন ধৰি মাওবাদীৰে অখিল গগৈৰ সম্পর্ক থকা সন্দর্ভত তদন্ত চলাই থকা হৈছিল আৰু পৰৱর্তী সময়ত এন আই এলৈ কেছ হস্তান্তৰ কৰা হৈছিল৷ অখিল গগৈ দোষী নে নিদোষী, সেয়া আইনে ক’ব৷ আনহাতে, নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ (এজেপি) আৰু ৰাইজৰ দলক কটাক্ষ কৰি মন্ত্রীগৰাকীয়ে কয়– অসম জাতীয় পৰিষদেই হওক বা ৰাইজৰ দলেই হওক, নির্বাচনত এই দুয়োটা দলৰ সকলো প্রার্থীৰ আমানত ধন বাজেয়াপ্ত হ’ব৷ আনহাতে, ছাত্র সংগঠন আছুক সমালোচনা কৰি তেওঁ কয়– আছুৱে এতিয়া নিজকে জাতীয় সংগঠন বুলি দাবী কৰিব নোৱাৰে৷ সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ গতিকে সংবাদ মাধ্যমে আছুক জাতীয় সংগঠন ৰূপে পৰিচয় কৰাই দিব নালাগে৷ তেওঁলোকৰ জাতীয়তাবাদী চৰিত্র সলনি হৈছে৷ ইফালে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদক আছুৱে সমর্থন জনাব বুলি শেহতীয়াকৈ আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কৰা মন্তব্য সন্দর্ভত ড০ শর্মাই কয়– আছু অসম জাতীয় পৰিষদৰ লগত থাকিব লাগিব৷ কিন্তু আমি এয়া দেখা নাই৷ যদি এটা অদৃশ্য শক্তিয়ে আন এটা অদৃশ্য শক্তিক সমর্থন কৰে, তেন্তে ফলাফল কি হ’ব সকলোৱে জানে৷ শূন্যই শূন্যক সমর্থন কৰিলে ফলাফল শূন্য হ’ব৷

You might also like