নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম নাগালেণ্ডৰ মেৰাপানী ছীডফাৰ্মত আহি নাগালেণ্ডৰ বিধায়কে প্ৰদৰ্শন কৰিলে বীৰত্ব

কুম্ভকৰ্ণ নিদ্ৰাত অসম চৰকাৰ

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল : অসমৰ ভৌগলিক মানচিত্ৰৰ ভিতৰৰ মেৰাপানী ছীডফাৰ্ম নগালেণ্ডৰ বুলি পুনৰ দাবী কৰিছে নাগালেণ্ড চৰকাৰে। নাগালেণ্ড বিধানসভাৰ এজন বিধায়ক আৰু নগা প্ৰশাসনৰ এটা সজাতি দলে মেৰাপানীৰ ভেলৌগুৰিস্থিত ছীডফাৰ্ম পৰিদৰ্শন কৰি এই দাবী উত্থাপন কৰিছে। জানিব পৰা মতে, ৰাজ্যবাসীয়ে ৰঙালী বিহুৰ আনন্দ-উল্লাহত মতলীয়া হৈ থকাৰ সময়তে যোৱা ১৬ এপ্ৰিলত নাগালেণ্ড বিধানসভাৰ ভাণ্ডাৰী সমষ্টিৰ বিধায়ক আছাম্বেম’ কিকনৰ নেতৃত্বত সপ্তম নগা আৰক্ষীৰ শীৰ্ষ বিষয়া, ল’থা ল’ৱাৰ ৰেঞ্জ প্লাৱিক অৰ্গেনাইজেচন, ল’থা ল’ৱাৰ ৰেঞ্জ ষ্টুডেন্ট ইউনিয়ন আৰু নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশে অসমৰ ছীডৰ্ফামৰ ভূমিত সংগোপনে উপস্থিত হৈ ছীডৰ্ফামৰ ১৩০০ একৰ ভূমি সম্পুৰ্ণ ৰূপে নাগালেণ্ডৰ বুলি দাবী কৰি কোনো কাৰণতে ছীডৰ্ফামৰ এক ইঞ্চি ভূমিও অসমক এৰি দিয়া নহ’ব বুলি হুংকাৰ দিয়ে। সমান্তৰালভাৱে নাগালেণ্ডৰ প্ৰতিনিধি দলটোৱে ছীডৰ্ফামত চাৰিওফালে ফেঞ্চিঙৰ ব্যৱস্থা কৰি অসমৰ কৃষকক আৱন্টন দিয়া ভূমি অথবা সকলো নথিপত্ৰ বাতিল কৰাৰ বাবে নগালেণ্ডৰ কৃষি বিভাগক নিৰ্দেশনা জাৰি কৰিছে।

প্ৰেৰক আলি হুছেইন

You might also like