নলবাৰীৰ অসামৰিক চিকিৎসালয়ত চাডেন ভিজিত মন্ত্ৰী অজন্তা নেওগ- জয়ন্ত মল্ল বৰুৱাৰ
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত এচাম চিকিৎসক, কৰ্মচাৰীৰ অৱহেলাৰ অভিযোগ দীৰ্ঘদিনীয়া। আজি হঠাতে উপস্থিত হয় নলবাৰীৰ বিধায়ক তথা জনস্বাস্থ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অভিভাৱক মন্ত্ৰী তথা বিত্তমন্ত্ৰী অজন্তা নেওগ। চিকিৎসালয়খনত দুইগৰাকী মন্ত্ৰী উপস্থিত হোৱাৰ লগেলগে হাহাকাৰ লাগে। চিকিৎসালয়খনৰ অব্যৱস্থা দেখি দুই মন্ত্ৰী খঙত টিঙিৰি তুলা হৈ পৰে। উল্লেখনীয় যে দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত ঔষধৰ নাটনি, এক্সৰে মেচিন বিকল হৈ থকা, চিকিৎসকৰ অৱহেলাত আদি বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে। এই চাডেন ভিজিটৰ সময়ত নলবাৰী জিলাৰ উপায়ুক্তগৰাকীও লগত আছিল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চিকিৎসালয়ৰ বিষয়া আৰু চিকিৎসকসকলক ঠিকমতে কৰ্তব্য সম্পাদন কৰিবলৈ সকীয়াই দিয়ে। লগতে ঔষধৰ নাটনি, যাবতীয় মেচিন আদি বিকল হ’লে বা কিবা সৰঞ্জামৰ আদিৰ প্ৰয়োজন হ’লে লগে লগে কৰ্তৃপক্ষক অৱগত কৰাবলৈ নিৰ্দেশ দিয়ে। চিকিৎসালয়খনৰ অধীক্ষক তথা কৰ্মচাৰীসকলক কৰ্তব্যত গাফিলতি নকৰিবলৈ সকীয়াই দি আজিৰ পৰা প্ৰতিটো অভাৱ অভিযোগ মন্ত্ৰীক জনাবলৈও নিৰ্দেশ দিয়ে।