নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ আৰক্ষী থানা ভৱন নিৰ্মাণত বিসংগতি; বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বন্ধ কৰালে নিৰ্মাণকাৰ্য

  • বিভাগীয় অভিযন্তা, ঠিকাদাৰী কোম্পানী অভিযন্তা নোহোৱাকৈয়ে মিস্ত্ৰীয়ে নিৰ্মাণ কৰিছে ভৱন
  • নিৰ্মাণকাৰ্যত জড়িত সকলৰ বিৰুদ্ধে এজাহাৰ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: অসম চৰকাৰৰ মৈত্ৰী আঁ‌চনিৰ জৰিয়তে মৰিয়নিত নিৰ্মাণ কৰিবলৈ লোৱা মৰিয়নি আৰক্ষী থানাৰ নতুন ভৱনৰ নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । উল্লেখযোগ্য যে, ১৯৬২ চনতে স্থাপন হোৱা মৰিয়নি আৰক্ষী থানাৰ বৰ্তমানৰ ভৱন আৰু আৰক্ষীৰ আৱাস গৃহসমূহৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে । যোৰহাট জিলা একমাত্ৰ আৰক্ষী থানা হিচাপে মৰিয়নি আৰক্ষী থানাৰেই নতুন ভৱন নিৰ্মাণ হোৱা নাছিল । অৱশেষত মৈত্ৰী আঁ‌চনিৰ জৰিয়তে মৰিয়নি আৰক্ষী থানাৰো নতুন ভৱন নিৰ্মাণৰ ব্যৱস্থা হ’ল । কিন্তু শেহতীয়াকৈ কিছুদিন পূৰ্বে এই সন্দৰ্ভত কোনেও গম নোপোৱাকৈ মৰিয়নি আৰক্ষী থানাৰ চৌহদৰ ভিতৰত নতুন ভৱনৰ নিৰ্মাণকাৰ্য আৰম্ভ হ’ল । তেতিয়ালৈকে সকলো ঠিকেই আছিল । কিন্তু সেই সম্পৰ্কে কোনো অৱগত নোহোৱাৰ বিষয়ে জানিব পাৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি তাত আসোঁৱাহ ধৰা পেলায় ।

তাৰোপৰি চৰকাৰী নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰি বিধায়ক কুৰ্মীয়ে ভৱনটোৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়ে । লক্ষণীয় যে, সেই সময়ত বিভাগীয় অভিযন্তা অথবা নিৰ্মাণকাৰ্য্য চলাই থকা কোম্পানী পক্ষৰ কোনো অভিযন্তা উক্ত স্থানত নাছিল । দুজনমান পকা মিস্ত্ৰী আৰু যোগালীয়ে সমগ্ৰ কাম কৰি আছিল । এই কাৰ্য্যত ক্ষুণ্ণ হৈ পৰে বিধায়ক কুৰ্মী । ইফালে জানিব পৰা মতে, হাউচফেডৰ অধীনত এই ভৱনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে । আনহাতে, গুৱাহাটীৰ জনৈক ফ্ৰ’ন্টিয়াৰ ক’ৰ্প’ৰেচন নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে এই ভৱনটোৰ নিৰ্মাণ চলাইছে । আজি বিয়লি ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়াৰ লগতে নিৰ্মাণকাৰ্যৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে মৰিয়নি আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰা হ’ব বুলি উল্লেখ কৰে ,এই সন্দৰ্ভত বিধায়ক কুৰ্মীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ভৱনটোৰ নিৰ্মাণকাৰ্যত বিসংগতি হৈছে । বিভাগীয় অভিযন্তা অথবা ঠিকাদাৰী পক্ষৰ কোনো অভিযন্তা নোহোৱাকৈয়ে কেৱল পকা মিস্ত্ৰীয়ে কিদৰে নতুন ভৱনৰ কাম চলাই থাকিব পাৰিছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । যাৰ পৰিপ্ৰেক্ষিতত ভৱনটোৰ নিৰ্মাণকাৰ্য্য নিম্নমানৰ হোৱাৰ আশংকাও ব্যক্ত কৰিছে বিধায়ক কুৰ্মীয়ে ।

এই সম্পৰ্কত বিধায়ক কুৰ্মীয়ে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই অভিযোগ দাখিল কৰিব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে । তাৰোপৰি ঠিকাদাৰি পক্ষই চৰকাৰী নিৰ্দেশ অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰি কয়- এই চৰকাৰী ভৱনটোৰ নিৰ্মাণৰ বিষয়ে সংশ্লিষ্ট কোনো অৱগত নহয় । আনকি নিয়ম অনুযায়ী ভৱন নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰা নহ’ল । যাৰ বাবেই ভৱনটো নিৰ্মাণৰ সৈতে জড়িত কোনো বিষয়েই ৰাইজৰ অৱগত নহয় বুলিও তেওঁ লগতে উল্লেখ কৰে । আঁ‌চনিৰ মুঠ ধনৰ পৰিমান অথবা নক্সাৰ বিষয়েও কোনো অৱগত নোহোৱা বুলিও কুৰ্মীয়ে লগতে অভিযোগ উত্থাপন কৰে । ঠিকাদাৰী পক্ষই মইমতালিৰে ভৱনটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা বুলি উল্লেখ কৰি বিধায়ক কুৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰে । আনহাতে, এই নিৰ্মাণৰ সৈতে জড়িত থকা সকলো লোকৰ বিৰুদ্ধেই মৰিয়নি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথাও তেওঁ উল্লেখ কৰি কয়- যিহেতু নিৰ্মাণৰ সৈতে জড়িত কোনো ব্যক্তিকে চিনি নাপাও । গতিকে জড়িত সকলোকে তদন্তৰ আওতালৈ আনিব লাগে । ইয়াৰোপৰি বিধায়ক কুৰ্মীয়ে ভৱনটোৰ নিৰ্মাণৰ সন্দৰ্ভত এক সভাৰ যোগেদি সৱিশেষ ৰাইজক অৱগত কৰিবলৈও সকলো পক্ষৰে প্ৰতি আহ্বান জনাইছে ।

প্ৰতিবেদন | দিব্যজ্যোতি শইকীয়া

You might also like