বিশেষ বাৰ্তা, ১৬ নৱেম্বৰ : নলবাৰী জিলা প্রশাসনৰ সৌজন্যত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, নলবাৰীৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় প্রেছ দিৱস উদযাপন কৰা হয় নলবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত। অনুষ্ঠানত আদৰণী ভাষণ দিয়ে নলবাৰীৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে।
ইয়াৰ পিছতে “বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান” শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাই সংবাদসেৱাৰ বিশ্বাসযোগ্যতাৰ ওপৰত বিশদ বিশ্লেষণ আগবঢ়ায়। অনুষ্ঠানত কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ সঞ্জীৱ কুমাৰ গোস্বামীয়ে সংবাদ মাধ্যমক নিৰপেক্ষ আৰু জাতি নিৰ্মাণৰ বাবে দায়বদ্ধ হৈ বাতৰি পৰিৱেশন কৰিবলৈ আহ্বান জনায়। এই প্ৰেছ দিৱসত জিলাখনৰ ৭০গৰাকী সাংবাদিক উপস্থিত আছিল।