ৰাজস্থানৰ পৰা চেন্নাইলৈ ছেমছন, চেন্নাইৰ পৰা ৰাজস্থানলৈ জাদেজা
নিউজ ডেস্ক, ১৬ নৱেম্বৰ : অৱশেষত অন্ত পৰিল জল্পনা–কল্পনাৰ৷ আইপিএলৰ ইতিহাসৰ অন্যতম গুৰুত্বপূর্ণ বাণিজ্য চুক্তি৷ ক্রিকেট অনুৰাগীৰ মাজত দীর্ঘদিনে উৎকণ্ঠা বিয়পাই থকা খবৰটো অৱশেষত ৰাজহুৱা হ’ল৷ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছন চামিল হ’ল ৫বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ সৈতে৷ ভাৰতীয় দলটোৰ উইকেটকীপাৰ–বেটাৰৰ প্রতি বিশেষত্ব প্রদান কৰা চেন্নাই ছুপাৰ কিংছে ১৮ কোটি টকাৰ বিনিময়ত দলত চামিল কৰে সঞ্জুক৷ ইয়াৰ সমান্তৰালকৈ চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক দিলে ৰবীন্দ্র জাদেজা আৰু ছেম কৰনক৷
চিএছকেৰ হৈ ১২টা ছিজন খেলা জাদেজাই ২৫০খনতকৈ অধিক মেচ খেলিছে৷ বাণিজ্যিক চুক্তিৰ অংশ হিচাপে তেওঁৰ লীগ মাচুল ১৮ কোটিৰ পৰা ১৪ কোটিলৈ হ্রাস কৰা হৈছে৷ ২০০৮ চনত ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত অভিষেক ঘটিছিল জাদেজাৰ৷ ২০০৮ আৰু ২০০৯ চনত ৰাজস্থান ৰয়েলছ, ২০১১ চনত কোচি টাষ্কার্ছ কেৰালা, ২০১২ৰ পৰা ২০১৫ চনলৈ চেন্নাই ছুপাৰ কিংছ, ২০১৬ আৰু ২০১৭ চনত গুজৰাট লায়নছ আৰু ২০১৮ৰ পৰা ২০২৫ চনলৈ চিএছকে দলৰ অংশ আছিল জাদেজা৷ ২০২২ বর্ষত চেন্নাইৰ অধিনায়কৰ দায়িত্বও প্রদান কৰা হৈছিল জাদেজাক৷
ইফালে, অসম সন্তান ৰিয়ান পৰাগক পুনৰ ৰিটেইন কৰিছে ৰাজস্থান ৰয়েলছে৷ ইপিনে, ছানৰাইজার্ছ হায়দৰাবাদৰ মহম্মদ ছামিক ট্রেড কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছত যোগদান কৰিছে৷ আনহাতে, অর্জুন তেণ্ডুলকাৰ মুম্বাইৰ পৰা লক্ষ্ণৌলৈ যায়৷