নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰ্তজনক বস্ত্ৰ বিতৰণ নলবাৰী জিলা ৱাৰিয়ৰ্চৰ

ৱাৰিয়ৰ্চ নলবাৰী জিলা সমিতিৰ উদ্যোগত ২১ ডিচেম্বৰৰ দিনা “উম শীৰ্ষক” প্ৰকল্পৰে বস্ত্ৰ বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। নলবাৰী জিলাৰ বিভিন্ন ঠাইত আৰ্তজনক শীতৰ পৰা পৰিত্ৰান পাবলৈ বস্ত্ৰ বিতৰণ কৰে।

প্ৰতিবছৰে নলবাৰী জিলা সমিতিৰ লগতে সমগ্ৰ অসমতে ৱাৰিয়ৰ্চৰ উদ্যোগত বস্ত্ৰ বিতৰণ কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে। এইবেলিও উক্ত কাৰ্য্যসূচী নলবাৰী বিভিন্ন স্থানত আৱশ্যকীয় সকলৰ মাজত বস্ত্ৰ আৰু পদপথত থকা ব্যক্তি সকলৰ মাজত নতুন কম্বল বিতৰণ কৰা হয়।

ৱাৰিয়ৰ্চৰ বস্ত্ৰ গ্ৰহণ কৰি আৰ্তজনে সংগঠনটোক ধন্যবাদ জনায়। কাৰ্য্যসূচীত উপস্থিত থাকি  সহযোগ কৰে নলবাৰী জিলা সমিতিৰ উপদেষ্টা সজল সৰকাৰ, সভাপতি সুকন বৈশ্য, সম্পাদিকা মঞ্জু বৈশ্য, সহ সম্পাদিকা মুন্না বৰ্মন, বিত্ত সম্পাদক নাৰায়ণ নাথ, কাৰ্য্যকৰী সদস্যা সীমা সাহা, ৰোহিনী দাস, ইভাৰাণী বৰ্মন, জয়াৰাণী চৌধুৰী, নিভাৰাণী ডেকা, জুতিকা শৰ্মা, পদুমী বৰ্মন, নীলাক্ষী দেৱী, নুৰুমা আহমেদ, বিজুমণি মেধি, কৈঠালকুছি আঞ্চলিকৰ সভানেত্ৰী গীতাঞ্জলি হালৈ, জনসংযোগ সম্পাদিকা পাপৰি ভট্টাচাৰ্য্য,ক্ষীৰোদা ডেকা আৰু টুটুমণি শৰ্মা।

নিয়মীয়া বাৰ্তা, বাঁহজানী, ২৫ ডিচেম্বৰ

You might also like