নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপামাৰীত মাটিক লৈ দুই সহোদৰ পক্ষৰ মাৰপিটত মহিলাসহ আহত দহ

কামৰূপৰ নগৰবেৰা আৰক্ষী থানা আৰু টুপামাৰী আৰক্ষী চকীৰ অধীনস্থ নতুন বদলাত আজি পুৱাৰ ভাগতে সংঘটিত হয় এক ভূমিকেন্দ্ৰিক সংঘাত। দুই ভাই-ককাই ফৈদৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটত কুৰুক্ষেত্ৰসদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে আহত হয় মহিলাসহ প্ৰায় ১০জনকৈ লোক। গাঁওখনৰ মগৰ আলী আৰু কালু পৰামানিক নামৰ দুই ভাই-ককাইৰ মাজত এডোখৰ পথৰ ভূমিক কেন্দ্ৰ কৰি দীৰ্ঘদিনৰে পৰা চলি আছিল বিবাদ। বৃহস্পতিবাৰে এই বিবাদে চূড়ান্ত ৰূপ লয়।

দুই ফৈদৰ মাজত প্ৰথমে কথাৰ কটাকটি, তাৰ পাছত দা, ডেগাৰ, লাঠী আদিৰে সংঘটিত হয় প্ৰচণ্ড মাৰপিট | এই মাৰপিটত আহত হয় উভয় পক্ষৰ ১০জনকৈ লোক। আহতসকলক ততাতৈয়াকৈ টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়। আহত মগৰ আলী, হানিফ আলী, হৰব আলী, ছামিনা খাতুন, নবিৰন বেগম, মইদুল ইছলাম, আবু তালেব, হাছাইবুল ইছলাম, আবু ছায়েদক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় । এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৫ ডিচেম্বৰ

You might also like