নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী ৰে’ল ষ্টেচন উন্নয়নৰ বাবে DRM-ক সাক্ষাৎ সাংসদ ফণীভূষণ চৌধুৰীৰ

বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে তেওঁৰ সংসদ এলেকাৰ অধীনত থকা অমৃত ভাৰত ৰে’ল ষ্টেচন সমুহৰ আন্তঃগাঁথনি উন্নয়ন আৰু তাত থকা  ৰে’ল ষ্টেচন তথা অন্যান্য বিভিন্ন উন্নয়নমূলক আচঁনিৰ কাম-কাজৰ সন্দৰ্ভত ৰঙিয়াস্হিত মাণ্ডলিক প্ৰৱন্ধক অনন্ত সদাশিৱৰ সৈতে যোৱা ১৯ ফেব্ৰুৱাৰীত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। সাংসদগৰাকীয়ে উক্ত বিষয় সমূহৰ লগতে নামনি অসমত স্হানীয় ৰে’ল সেৱাৰ প্ৰচলন বৃদ্ধি কৰা সন্দৰ্ভতো আলোচনা কৰে।

ইফালে অমৃত ভাৰত নলবাৰী ৰে’ল ষ্টেচনটোৰ উন্নয়নৰ কাম কাজ অতি লেহেমীয়া গতিৰে চলাই আহিছে বুলি সাংসদ গৰাকীক সংগ দিয়া নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সম্পাদক প্ৰিয় নাথ বৰ্মন, সদস্য ফণীধৰ ডেকা, প্ৰভাত ডেকা, ৰূপীন কলিতা, নলবাৰী পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ চৰিত্ৰ দাসে অভিযোগ উত্থাপন কৰে।

সাংসদ ফণীভূষণ চৌধুৰীয়ে শীঘ্ৰেই অমৃত ভাৰত নলবাৰী ৰে’ল ষ্টেচনৰ লেহেমীয়া কাম সমুহ অতি শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ মাণ্ডলিক প্ৰৱন্ধক অনন্ত সদাশিৱক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনী তথা স্থানীয় ৰাইজৰ দাবীত যোৱা ১৩ ফেব্ৰুৱাৰীত নলবাৰী ৰে’ল ষ্টেচনত আবেলি ৪.২০ বজাত শিলঘাট তম্বাৰাম নগাঁও ১৫৬৩০/১৫৬২৯ নং নামনিমুৱা এক্সপ্ৰেছখনৰ ষ্টপেজৰ শুভাৰম্ভ কৰিছিল সাংসদ ফণীভূষণ চৌধুৰীয়ে। সেই সময়ত নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সদস্যসকলে নলবাৰী ৰে’ল ষ্টেচনৰ উন্নয়ন লেহেমীয়া গতিৰে চলি আছে বুলি জনপ্ৰতিনিধি সাংসদগৰাকীক দেখুৱাই দিয়াত সাংসদগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰেই ডি আৰ এমক লগ কৰিব বুলি জ্যেষ্ঠ নাগৰিক সন্মিলনীক অৱগত কৰিছিল।

পুনৰ এমাহ পিছত নলবাৰী ৰে’ল ষ্টেচনৰ উন্নয়নৰ অগ্ৰগতিৰ খতিয়ান ল’ব বুলিও মাণ্ডলিক প্ৰৱন্ধকগৰাকীক সকীয়াই দিয়ে। ডি আৰ এমৰ সৈতে আলোচনাৰ সময়ত অসম ৰে’ল যাত্ৰী সন্থাৰ সম্পাদক দীপাংকৰ শৰ্মাকে ধৰি ৰে’ল বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ, ২১ ফেব্ৰুৱাৰী

You might also like