নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় টি-২০ত জয়েৰে অষ্ট্ৰেলিয়াত শৃংখলা দখল হৰমনপ্ৰীত বাহিনীৰ

ভাৰতীয় মহিলা দলে তৃতীয় টি-২০ত অষ্ট্ৰেলিয়াক ১৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছে। ইয়াৰ লগে লগে টীম ইণ্ডিয়াই তিনিখনীয়া টি২০ খেলৰ শৃংখলা ২-১ত জিকিছে। এডিলেইডত অনুষ্ঠিত তৃতীয় টি-২০ খেলত টীম ইণ্ডিয়াই প্ৰথমে বেটিং কৰি ১৭৬ ৰান কৰাৰ পিছত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৫৯ ৰান কৰে।

ভাৰতীয় দলৰ হৈ অপেনাৰ স্মৃতি মান্ধানাই ৮২ ৰানৰ শক্তিশালী অৰ্ধশতকীয় ইনিংছ খেলে। এই ইনিংছত তেওঁ ৮টা চাৰি আৰু ৩টা ছয় মাৰে। তাৰ উপৰি জেমিমা ৰড্ৰিগ্ছে ৫৯ ৰান যোগ কৰি ভাৰতীয় দলক ১৭৬ ৰানলৈ লৈ যায়।

অষ্ট্ৰেলিয়াৰ দল প্ৰথমে বলিঙত সফল নহ’ল। এনাবেল ছাদাৰলেণ্ডে ২ উইকেট, ছোৱী ম’লিনিউ আৰু কিম গাৰ্থে ১টাকৈ উইকেট লৈছিল।

১৭৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি দিগগজ খেলুৱৈ বেথ মুনীয়ে তৃতীয় অভাৰত মাত্ৰ ৬ ৰান কৰি আউট হয়।। দ্রুত গতিৰে অষ্ট্ৰেলিয়াই ৩২ ৰানত ৩ উইকেট হেৰুৱাইছিল। এলিছ পেৰীয়ে মাত্ৰ ১ ৰান কৰি পেভেলিয়নলৈ উভতি গৈ অষ্ট্ৰেলিয়াৰ দলক হতাশ কৰে। এছলি গাৰ্ডনৰে ৫৭ ৰান কৰে, যদিও বিজয়ৰ বাবে যথেষ্ট নহল।

ভাৰত বনাম অষ্ট্ৰেলিয়া তিনিখনীয়া টি-২০ৰ শৃংখলা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। ছিডনীতে প্ৰথম খেলাত ভাৰত DLS পদ্ধতিৰ দ্বাৰা ২১ ৰানৰ জয় লাভ কৰি ছিৰিজত ১-০ৰ অগ্ৰগতি লৈছিল। কেনবেৰাত অষ্ট্ৰেলিয়াই ১৯ ৰানত জয় লাভ কৰি ছিৰিজত ১-১ সমতা প্ৰতিষ্ঠা কৰিছিল। আজি এডিলেইডত টীম ইণ্ডিয়াই ছিৰিজত ২-১ৰ জয় নিশ্চিত কৰিছে।

ডিজিটেল ডেস্ক, ২১ ফেব্ৰুৱাৰী

You might also like