নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাষণ্ড পুত্ৰৰ কোৰৰ ঘাপত পিতৃৰ মৃত্যু : বাক্সাৰ আনন্দ বজাৰত চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ৯ মেঃ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ কাষৰৰ হাটখোলা গাওঁত নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। পুত্ৰৰ কোৰৰ ঘাপত এগৰাকী পিতৃয়ে প্ৰাণ হেৰুওৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে সমগ্ৰ অঞ্চলটোত। পাৰিবাৰিক ক্ৰন্দলৰ ফলত হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা ৮ মান বজাত হাটখোলা গাওঁ নিবাসী ধনঞ্জয় ডেকাই পুত্ৰ-পৰিয়ালৰ সৈতে কাজিয়াত লিপ্ত হয়। মদৰ নিচাত মাতাল হৈ পত্নী-পুত্ৰক অসভ্য গালি গালাজ কৰি হাতত কাপোৰেৰে এখন চুৰি মেৰিয়াই লৈ পিতৃ ধনঞ্জয় ডেকা(৭০)ই কনিষ্ঠ পুত্ৰ অভিৰাজ ডেকা(২৬) ক হত্যা কৰা বাবে খেদি লৈ ফুৰে। পুত্ৰ অভিৰাজে পিতৃক কাতৰ অনুৰোধ কৰাৰ পিছতো ক্ষান্ত হোৱাৰ পৰিবৰ্তে পুত্ৰ অভিৰাজক উপৰ্যোপৰি আক্ৰমণ কৰে। গুৰুত্বৰভাৱে আহত পুত্ৰ অভিৰাজ ডেকাই বাৰে বাৰে পিতৃক অনুৰোধ কৰাৰ পিছতো চুৰিৰে উপৰ্যোপৰি আক্ৰমণ কৰাত উপায়ন্তৰ হৈ কাষৰতে থকা এখন কোৰেৰে ঘপিয়াই দিয়াত ঢলি পৰে পিতৃ ধনঞ্জয়। পুত্ৰৰ কোৰৰ ঘাপত ঘটনাস্থলীতে মৃত্যুমুখত পৰে পিতৃ ধনঞ্জয় ডেকা। সমগ্ৰ ঘটনাৰ সাক্ষী হৈ ৰয় ধনঞ্জয় ডেকাৰ পত্নী তথা পিতৃক হত্যাকাৰী অভিৰাজৰ মাতৃ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ ধনঞ্জয় ডেকাৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী পুত্ৰ অভিৰাজক গুৰুত্বৰভাৱে আহত অৱস্থাত আটক কৰি শালবাৰী আদৰ্শ চিকিৎসালয়লৈ লৈ যায় আনন্দ বজাৰ আৰক্ষীয়ে। পিছত আঘাত গুৰুত্বৰ হোৱাত শালবাৰী হস্পিতালৰ চিকিৎসকে বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰে অভিৰাজক। ইফালে পুত্ৰৰ হাতত পিতৃৰ মৃত্যু , আনফালে পিতৃৰ চুৰিকাঘাতত পুত্ৰ আহত হোৱা ঘটনাক লৈ হতবাক হৈ পৰে গাওঁবাসী । সমগ্ৰ ঘটনা পাৰিবাৰীক ক্ৰন্দলৰ ফলত সংঘটিত হোৱা বুলি জানিবলৈ দি মদৰ নিচাত মাতাল হৈ পিতৃ ধনঞ্জয় ডেকাই পত্নী-পুত্ৰক প্ৰায়েই অত্যাচাৰ কৰি আহিছিল বুলি অভিযোগ তুলে। উল্লেখ্য যে, পুত্ৰৰ হাতত মৃত্যু হোৱা পিতৃ ধনঞ্জয় ডেকাই পূৰ্বে ঠেলা গাড়ী চলায় জীৱন নিৰ্বাহ কৰাৰ লগতে বিগত কেইমাহমান ধৰি শিৱ মন্দিৰৰ পূজাৰী হৈ আছিল। প্ৰায়েই মদ খাই মাতাল হৈ নিশা পৰিয়ালৰ ওপৰত অত্যাচাৰ চলাই আহিছিল পিতৃ ধনঞ্জয় ডেকাই। পত্নী , দুই পুত্ৰ , দুই কন্যাৰ পিতৃ ধনঞ্জয় ডেকাৰ অত্যাচাৰত আজিৰ পৰা প্ৰায় দুই বছৰ পূৰ্বেই কন্যা দুগৰাকী কোম্পেনিত কাম কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা। ডাঙৰ পুত্ৰই পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বন্ধুৰ সৈতে কাম কৰি কটাই গৈছিল দৈনন্দিন জীৱন। ধনঞ্জয় ডেকাৰ পত্নী তথা অভিৰাজৰ মাতৃৰ ভাষ্য অনুসৰি যোৱা আহিন মাহৰ পৰাই নিশা হঠাতে ঘৰত প্ৰৱেশ কৰি অসভ্য আচৰণ কৰাৰ লগতে খেদি খেদি প্ৰহাৰ কৰি আহিছিল পত্নীক। যোৱা দেওবাৰে পত্নীয়ে গাওঁৰ বিহু অনুষ্ঠান চাবলৈ যোৱা বাবে দৰ্জাত তলা ওলমাই ঘৰত প্ৰৱেশত বাধা দিছিল পত্নীক। অনুৰূপ ধৰনে যোৱা নিশাও মদৰ নিচাত মাতাল হৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কনিষ্ঠ পুত্ৰ অভিৰাজক। পুত্ৰ অভিৰাজে উপায়ন্তৰ হৈ কোৰেৰে ঘপিয়াই আত্মৰক্ষাৰ চেষ্টা চলায়। ফলত ঘটনাস্থলীতে মৃত্যুমুখত পৰে পিতৃ ধনঞ্জয় ডেকা। আজি আৰক্ষীয়ে পিতৃ ধনঞ্জয় ডেকাৰ মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে হত্যাকাৰী পুত্ৰ অভিৰাজক চিকিৎসাধীন অৱস্থাত আৰক্ষীৰ জিন্মাত ৰাখি তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।

প্ৰেৰক লৱ কুমাৰ দাস

You might also like