নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে নলবাৰীত নৱনিযুক্ত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা

বিশেষ বাৰ্তা, ২৭ জুন : বানে ধোৱা নলবাৰী জিলাৰ বানপীড়িত ৰাইজৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জিলাখনত বানে কৰা ক্ষয়-ক্ষতিৰ পৰ্য্যালোচনা কৰি এক সঠিক চিত্ৰ চৰকাৰৰ সন্মুখত দাঙি ধৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি নলবাৰী জিলাত তিনিদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় শক্তি আৰু অন্যান্য বিভাগৰ নৱনিযুক্ত মন্ত্ৰী নন্দিতা গাৰ্লছা। মন্ত্ৰীগৰাকীয়ে জিলাখনত উপস্থিত হৈ প্ৰথমে নলবাৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত গীতিমণি ফুকন আৰু অন্যান্য জ্যেষ্ঠ প্ৰশাসনীয় বিষয়াৰ উপস্থিতিত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, খণ্ড উন্নয়ন বিষয়া তথা আন সংশ্লিষ্ট বিষয়াৰে সৈতে এখন বান পৰ্য্যালোচনা সভা সম্বোধন কৰে। এই পৰ্য্যালোচনা সভাখনৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বানৰ পৰৱৰ্তী সময়ছোৱাৰ স্থিতি সম্পৰ্কে এক স্পষ্ট ছৱি আয়ত্ত কৰাৰ চেষ্টা কৰে।মন্ত্ৰীগৰাকীয়ে পশুপালন তথা পশু চিকিৎসা, জলসম্পদ, মীন, কৃষি, জনস্বাস্থ্য আৰু কাৰিকৰী, শক্তি, শিক্ষা ইত্যাদি বিভাগ সমূহৰ অধীনত বৰ্তমানলৈ চলোৱা সমীক্ষা অনুসৰি কিমান ক্ষয়-ক্ষতি হৈছে সেয়া জানিবলৈ চেষ্টা কৰাৰ লগতে সমূহ বিভাগক আগন্তুক ১০ দিনমানৰ ভিতৰত নিজৰ নিজৰ বিভাগীয় ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য সংশ্লিষ্ট বিভাগৰ হাতত জমা দিয়াৰ বাবে নিৰ্দেশ দিয়ে।মন্ত্ৰীগৰাকীয়ে সকলোকে ক্ষয়-ক্ষতিৰ তালিকা প্ৰস্তুত কৰোঁতে প্ৰকৃত হিতাধিকাৰীয়ে যাতে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত নহয় তথা তালিকভুক্ত হ’বলগীয়া ক্ষয়-ক্ষতি সম্বন্ধীয় গুৰুত্বপূৰ্ণ বিষয় যাতে বাদ পৰি নাযায় সেই কথাও দোহাৰে। সম্প্ৰতি নলবাৰী জিলাত কেৱল ৭টা আশ্ৰয় শিবিৰ সক্ৰিয় হৈ আছে আৰু এই শিবিৰসমূহত প্ৰায় মুঠ ১৫০০ বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে। এই আশ্ৰয় শিবিৰসমূহত সঠিক ৰূপত সাহাৰ্য্য সামগ্ৰী যোগান ধৰি থকা হৈছে নাই সেই সম্বন্ধেও মন্ত্ৰীগৰাকীয়ে জানিবলৈ চেষ্টা কৰে আৰু সাহাৰ্য্য যোগানত যাতে কোনো ধৰণৰ নিয়মে স্থান নাপায় সেই কথাও সঁকিয়াই দিয়ে। মন্ত্ৰী নন্দিতা গাৰ্লছা নলবাৰীলৈ তিনিদিনৰ কাৰ্যসূচীৰে আহিছে আৰু এই সময়ছোৱাত তেওঁ নলবাৰী জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বিষয় বিতংভাৱে চাক্ষুষ পৰ্য্যালোচনা কৰিব। জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষৰ বান পৰ্য্যালোচনা সভাখনৰ পাছতেই মন্ত্ৰী গৰাকীয়ে বৰভাগ ৰাজহ চক্ৰৰ অন্তর্গত বানৰ কৱলত পৰা অঞ্চল সমূহ পৰিদৰ্শন কৰি বন্যাৰ্তৰ সৈতে মত বিনিময়েৰে তেওঁলোকৰ অৱস্থাৰ বুজ লয় আৰু চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰিবলগীয়া সকলো প্ৰয়োজনীয় ব্যস্থাপনাৰ আশ্বাস প্ৰদান কৰে।শক্তি মন্ত্ৰীগৰাকীৰ এই বৰভাগৰ বান পৰিস্থিতি পৰিদর্শনৰ কালছোৱাত সংগ দিয়ে জিলা উপায়ুক্ত গীতিমণি ফুকনৰ লগতে জিলা উন্নয়ন আয়ুক্ত মুন গগৈ, অতিৰিক্ত উপায়ুক্ত ফিৰদৌছ আলম, সংশ্লীষ্ট ৰাজহ চক্ৰ বিষয়া তথা বিভাগীয় মুৰব্বী বিষয়া-কৰ্মচাৰীসকলে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like