নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত বানাক্ৰান্তক সাহায্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বার্তা বুৰো, ২০ আগষ্ট, আজি জলসম্পদ, তথ্য-জনসংযোগ , লেখন আৰু মুদ্ৰণ ও সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ২০২২ বৰ্ষৰ বানত ক্ষতিগ্ৰস্ত গৃহৰ হিতাধিকাৰীসকলক পুনৰ সংস্থাপনৰ সাহায্য বিতৰণ আৰু অৰুণোদয় মাহৰ আনুষ্ঠানিক শুভ আৰম্ভণি কৰে | মৰিগাঁও জিলাত মুঠ ৭২৪৭ গৰাকী ক্ষতিগ্ৰস্ত গৃহৰ হিতাধিকাৰী চিনাক্ত কৰা হয় আৰু ইয়াৰ ভিতৰত ৭ গৰাকী যি সকলৰ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে, প্ৰতি জনকে মন্ত্ৰী গৰাকীয়ে সভাত আনুষ্ঠানিকভাৱে ৯৫১০০ টকাৰ চেক নিজ হাতেৰে প্ৰদান কৰে | পকী ঘৰৰ আংশিক ক্ষতি আৰু কেঁচা ঘৰৰ আংশিক ক্ষতিৰ বাবদ ক্ৰমে ৫২০০ টকা আৰু ৩২০০ টকাকৈ হিতাধিকাৰী সকলৰ বেংক একাউণ্টত প্ৰত্যক্ষ ভাৱে DBT ব্যৱস্থাৰে প্ৰদান কৰে | মন্ত্ৰী গৰাকীৰ উপৰিও আজিৰ সভাত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, ধিঙৰ বিধায়ক আমিনুল ইছলাম, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া ভা. অ. সে., জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস, অৰুন্ধতী নৰহ মিপুন, চক্ৰ বিষয়াসকল, অৰুণোদয় মাহৰ লগত জড়িত কৰ্মকৰ্তা সকল, হিতাধিকাৰীসকল আৰু বহুতো ৰাইজ উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like