নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাথৰূমৰ ৱেটিং ৰূমৰ পৰা আৰম্ভ হৈছিল মাৰ্ক জুকাৰবাৰ্গ আৰু প্ৰিসিলা চানৰ ভালপোৱা…

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ মাৰ্ক জুকাৰবাৰ্গ বৰ্তমান সময়ৰ এক জনপ্ৰিয় নাম। বিশ্বৰ মানুহৰ মুখে মুখে নাম মাৰ্ক জুকাৰবাৰ্গৰ। কিন্তু এটা সময় আছিল যেতিয়া মাৰ্ক জুকাৰবাৰ্গক কোনেও চিনি পোৱা নাছিল, কেৱল পৰিয়ালৰ মানুহে চিনি পাইছিল। বৰ্তমান সময়ত মাৰ্ক জুকাৰবাৰ্গৰ 20 হাজাৰ কোটি টকাৰো অধিক সম্পত্তি আছে।

ফেচবুকৰ আৰম্ভ জুকাৰবাৰ্গে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পঢ়ি থাকোঁতে কৰিছিল। সেই সময়তে মাৰ্ক জুকাৰবাৰ্গৰ প্ৰেমিকা আছিল প্ৰিসিলা চান। তাৰ পিছত প্ৰিসিলা মাৰ্ক জুকাৰবাৰ্গৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

 কিন্তু কেনেদৰে আৰম্ভ হৈছিল মাৰ্ক আৰু চানৰ ভালপোৱাৰ কাহিনী। জানো আহক মাৰ্ক আৰু চানৰ ভালপোৱাৰ কাহিনী কেনেদৰে আৰম্ভ হৈছিল…

২০০৩ চন। মাৰ্ক আৰু প্ৰিসিলা দুয়ো এটা পাৰ্টীত লগ পাইছিল। কিন্তু ইজনে সিজনক চিনি নাপাইছিল। দুয়োৱে বাথৰূমত ৱেটিং ৰূমত লাইনত আছিল। লাহে লাহে দুয়োৱে কথা পতা আৰম্ভ কৰে। তাৰ পিছত দুয়োৱে ডেট কৰে আৰু কেইবাছৰো ডেট কৰে। ১৯ মে ২০১২ চনত দুয়ো বিবাহ পাশত আবদ্ধ হয়।

কিন্তু বিবাহত উপস্থিত থকা অতিথিসকলে গম পোৱা নাছিল সেয়া বিবাহ অনুষ্ঠান বুলি। অতিথিসকলে ভাবিছিল যে স্নাতক উত্তীৰ্ণৰ পাৰ্টীহে বুলি।

বিশ্বৰ এক সফল দম্পতী বুলি ক’লেও ভুল নহ’ব মাৰ্ক আৰু প্ৰিসিলা দম্পতী। দুয়ো সফলেই নহয়  সুখীও।

You might also like