নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথমবাৰলৈ নিজক ভোট দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ‘মই দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ। প্ৰথম ৰহাৰ বিধায়ক হওঁতে তেতিয়া ভোটটো আছিল জাগীৰোড সমষ্টিত। দ্বিতীয়বাৰ জাগীৰোডত ইলেকচন খেলোঁতে ভোটটো আছিল ৰহা আৰু এইবাৰহে নিজৰ সমষ্টিত প্ৰথমবাৰলৈ নিজকে ভোটদান কৰি আনন্দিত হৈছোঁ।’ -এইদেৰ মন্তব্য কৰিলে পীয়ূষ হাজৰিকাই।

আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিজা বাসগৃহ আঁহতগুৰিৰ ২৭৫নং মৰাকলং প্ৰাথমিক বিদ্যালয় (পূব) কেন্দ্ৰত উপস্থিত হৈ সপত্নীক পীয়ূষ হাজৰিকাই ৰাইজৰ লগতে শাৰী পাতি  ভোটদান কৰে। মন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে ভোটকেন্দ্ৰটোত উপস্থিত থকা সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ কয় যে ৰাইজৰ কাম কৰিবলৈ আশীৰ্বাদ বিচাৰিছোঁ, বৰ্তমান যিদৰে কাম কৰিছোঁ ভৱিষ্যতেও যাতে কৰিব পাৰে, তাৰ বাবে আৰ্শীবাদ বিচাৰে।

আনহাতে জাগীৰোড সমষ্টিৰ বাট-পথ পূৰ্বতকৈ যথেষ্ট উন্নত হোৱা বুলি মন্তব্য কৰি ক’ৰোনাৰ সময়ৰ লগতে, চিকিৎসা, শিক্ষা আদি সকলো সময়তে সমষ্টিবাসীক সহায় কৰিছে আৰু ভৱিষ্যতেও সেৱা কৰি যাব বুলি কয়। লগতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে অধিক আসন লাভ কৰিব বুলি মন্তব্য কৰে।

You might also like