নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঁই পথ নামেৰে নামাকৰণ কৰিলে নাৰেংগী মৰিগাঁও সংযোগী পথ

নিয়মীয়া বাৰ্তা ২০ মেঃ অসম চৰকাৰে গুৱাহাটী পৰা নাৰেংগীক মৰিগাঁওলৈ সংযোগ কৰা পথটোৰ নাম বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঁইৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে।

অসম এজন জেষ্ঠ বুদ্ধিজীৱি, সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঁইৰ যোৱা ১২ মে’ত গুৱাহাটীত মৃত্যু হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

হোমেন বৰগোহাঁইৰ অন্তিম সংস্কাৰ সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হৈছিল।

ৰাজ্য চৰকাৰে বিশিষ্ট লেখক আৰু সাংবাদিকৰ সাহিত্য কৰ্মসমূহ সংৰক্ষণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে।

You might also like