নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱ নিৰ্বাচিত বিজেপি বিধায়ক অজয় কুমাৰ ৰয়ে নিজৰ ধনেৰে ৰাইজৰ সহযোগত নিৰ্মাণ কৰি দিলে বাহৰ দলং

নিয়মীয়া বাৰ্তা  ২০ মে : বিজনীৰ নৱ নিৰ্বাচিত বিজেপি বিধায়ক অজয় কুমাৰ ৰয়ৰ প্ৰসংশনীয় পদক্ষেপ। ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজৰ কাষত থিয় হৈ নিজৰ ধনেৰে ৰাইজৰ সহযোগত নিৰ্মাণ কৰি দিলে বাহৰ দলং। ইয়াৰ উপৰি দলংখন নিৰ্মাণ কৰাৰ সময়ত ৰাইজক উৎসাহ যোগোৱাৰ উদ্দেশ্যে নিজেও ৰাইজৰ লগত হাতে কামে লাগি নিৰ্মানৰ কামত সহায় কৰিলে ৰাইজক। বিজনী মহকুমাৰ অন্তৰ্গত পুৰাকলা, বেটবাৰী, আলুখুন্দা সংযোগী পথত থকা এটা নদীত নিৰ্মাণ কৰি তোলা হ’ল এই দলংখন।

ইয়াৰ পূৰ্বে এডাল বাঁহৰ সাঁকোৰে সংকটজনক ভাবে যাতায়ত কৰি আহিছিল স্থানীয় ৰাইজে। যুৱ বিধায়ক গৰাকীৰ এই পদক্ষেপৰ বাবে ৰাইজৰ পৰা যঠেষ্ট মৰম পাবলৈ সক্ষম হৈছে যুৱ বিধায়ক গৰাকী আৰু এই মৰম পাই বিধায়ক অজয় আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে। আনফালে বিগত পোন্ধৰ বছৰে বিজনীৰ প্ৰাক্তন বিপিএফ বিধায়ক কমলসিং নাৰ্জাৰীয়ে দলংখন নিৰ্মাণ কৰাৰ বাবে সদিচ্ছাৰ নকৰিলে বুলি দুখ প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনত উক্ত স্থানত এখন পকী দলং নাইবা বক্স কাৰভাৰ্ট নিৰ্মাণ কৰাৰ বাবে চেষ্টা ৰাখিব বুলি মন্তব্য প্ৰকাশ কৰে।

You might also like