নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাকৃতিক শোভা বিৰাজ কৰিছে শুৱালকুছিৰ বালিচৰত

নিয়মীয়া বাৰ্তা, ১২ মেঃ বস্ত্ৰনগৰী শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচৰত প্ৰকৃতিৰ এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে। বালিচৰৰ ৮৪ বিঘা মাটিত বিভিন্ন গছ লতিকাই বাৰেৰহণীয়া ফুলৰ সমাহাৰৰে শোভাবৰ্ধন কৰিছে। এজাৰ, কদম, চতিয়ান শিমলুৰ উপৰি জনা নজনা ভিন্ন ৰঙী গছ বিৰিখৰ ফুলে বিভিন্ন চৰাই চিৰিকটিক আকৰ্ষণ কৰি পক্ষীৰ কলৰৱ তোলাত এক মধুময় পৰিবেশৰ সমন্য় ঘটিছে।পুৱাৰ পৰা গধুলিলৈ আবাল বৃদ্ধ বনিতাই বালিচৰত পুৱা কিম্বা গধুলি অবসৰ বিনোদনৰ বাবে ভিৰ কৰে।ওচৰৰে ব্ৰহ্মপুত্ৰৰ পানীৰ কুলু কুলু ধ্বনি পক্ষী কুলৰ মাতত আপোন পাহৰা হৈ পৰে সুধীগন ।দিনৰ দিনতো তাঁতশালত বুটা বাছি এপলক বালিচৰত বহি যেন সৰগৰ সুখ অনুভব কৰে।পশ্চিমে বাঘেশ্বৰী পাহাৰ পূবে ঘাটিয়া পাহাৰ উত্তৰে সিদ্ধেশ্বৰ পাহাৰৰ দেৱালয়ে মন প্ৰাণ জুৰ কৰে।কবিৰ ভাষাৰে জননী জন্ম ভূমিস্ব স্বৰ্গাদপি গৰীয়সী। মুঠতে বস্ত্ৰ নগৰী শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ লগতে প্ৰাকৃতিক পৰিবেশৰে ভৰপূৰ শুৱালকুছিৰ ৰূপৰ তুলনা নাই।

প্ৰেৰক দিলীপ মেধি

You might also like