অসম স্বাস্থ্যমন্ত্ৰীৰ ঘোষণাঃ কাইলৈৰ পৰা নতুন SOP By নিয়মীয়া বাৰ্তা On Aug 9, 2021 Share নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ ৰাজ্যত শেহতীয়াকৈ ক’ভিড পৰিস্থিতি যথেষ্ট উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ১০আগষ্ট তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ জাৰি কৰা নতুন এছঅ’পি(SOP)ৰ নিয়মাৱলী সমুহ এনেধৰণৰ— সকলো জিলাতে সন্ধিয়া ৬.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন। সকলো জিলাতে সন্ধিয়া ৫.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, আৰু পাচলিৰ দোকান। জিলাসমূহত কোনো এটা এলেকাত এসপ্তাহত ১০গৰাকীতকৈ অধিক লোক ক’ভিডত আক্ৰান্ত হ’লে উপায়ুক্তই সেই এলেকাক কনটেইনমেণ্ট জ’ন ঘোষণা কৰিব। আন্তঃজিলা যাত্ৰী পৰিবাহী যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল। অন্তঃ জিলা যাত্ৰী পৰিবাহী বাছ তথা আন বাহনৰ ক্ষেত্ৰত মুঠ আসনৰ ৫০ শতাংশ আসনত সামাজিক দূৰত্ব, মাস্ক আদি ক’ভিড বিধি মানি চলাচলৰ অনুমতি। বিবাহ, অন্তিম সৎকাৰ আদিৰ ক্ষেত্ৰত সৰ্বাধিক দহ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি। ৰাজহুৱা স্থানত মাস্ক পিন্ধাতো বাধ্যতামূলক। Featured Share