নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ নিশ্চিত হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম

নিয়মীয়া বাৰ্তা ৮ মেঃ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ পৰৱৰ্তী চৰকাৰৰ নেতৃত্বৰ বিষয়ে আলোচনা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ মাতি পঠিয়াইছিল।

আজি দুয়োজন নেতাই দিল্লীত উপস্থিত হৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত এখন সভাত অংশ লৈছিল।

উল্লেখ্য যে নাড্ডাৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকখন দুঘণ্টাতকৈও অধিক সময় চলিছিল। য’ত উপস্থিত আছিল দলটোৰ আন শীৰ্ষ নেতাসকলো। এই বৈঠক আবেলি প্ৰায় ৩ বজাত সমাপ্ত হয়।

বৈঠকৰ পৰা ওলাই সংবাদমাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত মন্ত্ৰী ড০ শৰ্মাই কয় যে দেওবাৰে বিজেপি বিধায়িনী দলৰ গুৱাহাটীত বৈঠক অনুষ্ঠিত হ’ব। বৈঠিকখনৰ পাছতেই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই উত্তৰ সকলোৱে অৱজ্ঞত হ’ব।

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্রী পদৰ বাবে সর্বানন্দ সোণোৱালৰ লগতে ড০ হিমন্ত বিশ্ব শর্মাৰ নামো বহুলভাৱে চর্চিত হৈ আছে৷

You might also like