নিজামুদ্দিনৰ পৰা উভতিবলৈ সাজু ৩৮ জন জামাতী
নিয়মীয়া বার্তা, ১৭ মেঃ সমগ্র দেশতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটোৱা দিল্লীৰ নিজামুদ্দিন তবলিগী জামাতৰ পৰা কোৱাৰেণ্টাইনত থকা ৩৯জন লোক অসমলৈ উভতি আহিবলৈ সাজু হৈছে৷
অসমৰ হাইলাকান্দি, মৰিগাঁও, নগাঁও জিলাৰ এই লোককেইজনৰ বিষয়ে ইতিমধ্যে দক্ষিণ দিল্লীৰ জিলা দণ্ডাধীশে অসম চৰকাৰক অৱগত কৰিছে৷ অসমৰ হাইলাকান্দি, মৰিগাঁও, নগাঁও আদিৰ লগতে কেইবাখনো জিলাৰ পৰা তবলিগী জামাত মার্কাজত অংশগ্রহণ কৰা ৭৩জন লোকক কোৱাৰেণ্টাইন কৰা হৈছিল৷
ইয়াৰে ১২ মে’ত ১৮ জনক আৰু ১৪ মে’ত ২০জনৰ ছোৱাব টেষ্ট পৰীক্ষা কৰি নিগেটিভ হোৱাত তেওঁলোকক কোৱাৰেণ্টাইনৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হৈছে৷
ইতিমধ্যে দক্ষিণ দিল্লীৰ দণ্ডাধীশ হৰিমন কৌৰে অসমৰ সংশ্লিষ্ট জিলাসমূহৰ সৈতে যোগাযোগ কৰি এই লোকসকলক ওভতাই নিয়াৰ ব্যৱস্থা কৰিবলৈ পত্র প্রেৰণ কৰিছে৷ পত্রত অসমলৈ উভতি আহিব লগা লোকসকলক হোম কোৱাৰেণ্টাইন কৰাৰ বাবেও উল্লেখ কৰা হৈছে৷
মন কৰিবলগীয়া যে বহিঃৰাজ্যৰ পৰা আহিব লগা লোকসকলক ইতিমধ্যে স্থাপন কৰা চৰকাৰী কোৱাৰেণ্টাইন শিবিৰসমূহত স্ক্রীনিং পৰীক্ষাৰ অন্ততহে গৃহলৈ যাব দিয়া হৈছে৷ যিসকলৰ শৰীৰত ক’ৰোনাৰ লক্ষণ দেখা দিছে, সেইসকল লোকক শিবিৰত কোৱাৰেণ্টাইন কৰা হৈছে৷