নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেহেলকাৰ পৰা আইপিএলৰ মেচ ফিক্সঙৰ তদন্তলৈঃ প্রথিতযশা আইনজ্ঞ নিলয় দত্তই এৰি গ’ল বর্ণাঢ্য আইনী পৰিক্রমা

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ দেশৰ এগৰাকী তীক্ষ্ণ মেধাসম্পন্ন আইনজ্ঞ ৰূপে পৰিচিত তথা বিশিষ্ট ক্রীড়া সংগঠক, মানৱ অধিকাৰ কর্মী নিলয় দত্ত আৰু নাই৷ দেশ তথা অসমৰ ন্যায়িক ক্ষেত্রৰ লগতে সমাজ জীৱন আৰু ক্রীড়া জগত শূন্য কৰি দেওবাৰে পুৱতিনিশা কর্ণাটকৰ এক পর্যটনস্থলী কুর্গত ইহলীলা সম্বৰণ কৰে নিলয় দত্তই৷

অতি তাৎপর্যপূর্ণভাৱে নিজৰ ৪৬সংখ্যক বিবাহ বার্ষিকী উদযাপনৰ কেইঘণ্টামান পাছতেই মৃত্যুক সাবটি লয় প্রথিতযশা আইনবিদগৰাকীয়ে৷ নিশা শুই থকা অৱস্থাতে হূদ ৰোগত আক্রান্ত হৈ আকস্মিকভাৱে ইহলীলা সম্বৰণ কৰা দত্তৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৮ বছৰ৷ ইয়াৰ লগে লগে দেশৰ আইনী ক্ষেত্রখনৰ এক বর্ণিল পৰিক্রমাৰ সামৰণি পৰিল৷

দেশ জোকাৰি যোৱা টেহেলকা গোচৰত যুক্তি প্রদর্শনৰ পৰা আৰম্ভ কৰি আই পি এলৰ মেচ ফিক্সিং গোচৰৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে নিয়োগ কৰা কমিটীৰ সদস্য হিচাপে দায়িত্ব পালন কৰালৈকে এক বর্ণাঢ্য জীৱনৰ ইতি পৰিল৷ কেৱল আইনী ক্ষেত্রখনেই নহয়, সমাজ সংগঠক আৰু ক্রীড়া ক্ষেত্রখনলৈ তেওঁৰ আছিল অসীম অৱদান৷ জ্যেষ্ঠ আইনজ্ঞগৰাকী হৈছে আন্তঃৰাষ্ট্রীয় ক্রিকেট আম্পায়াৰ৷ তেওঁ ১৯৯৯ চনৰ ৫ ডিচেম্বৰত পুনেত অনুষ্ঠিত ভাৰত–শ্রীলংকাৰ মেচত আম্পায়াৰ হিচাপে দায়িত্ব পালন কৰিছিল৷

তদুপৰি অসমৰ সমাজ জীৱনৰ সৈতে জড়িত সকলো সমস্যাৰ সমাধানৰ ক্ষেত্রত জ্যেষ্ঠ আইনজ্ঞগৰাকীয়ে লৈছিল গুৰুত্বপূর্ণ ভূমিকা৷ যাৰ বাবে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটীৰ এজন সদস্য হিচাপে দায়িত্ব অর্পণ কৰা হৈছিল প্রয়াত দত্তক৷

উল্লেখ্য যে ১৯৫৩ চনৰ ১৬ ডিচেম্বৰত গুৱাহাটীৰ উজান বজাৰত জন্মলাভ কৰিছিল প্রয়াত দত্তই৷ ৰাজ্যৰ বিশিষ্ট সমালোচক, দার্শনিক, অধ্যাপক প্রয়াত ভৱানন্দ দত্ত আৰু শিক্ষাবিদ প্রয়াত নীলিমা দত্তৰ সন্তান নিলয় দত্তই ডনবস্ক’ বিদ্যালয়ৰ পৰা ষষ্ঠ স্থান লাভ কৰি মেট্রিকত সুখ্যাতিৰে উত্তীর্ণ হৈছিল৷

আনহাতে প্রি–ইউনিভার্ছিটীত ষষ্ঠ স্থান লাভ কৰি তেওঁ কটন মহাবিদ্যালয়ৰ পৰা উত্তীর্ণ হয়৷ ইয়াৰ পাছতে তেওঁ কলেজীয়া শিক্ষাৰ বাবে দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজত অর্থনীতি বিষয়ত নামভর্তি কৰে৷ ইয়াত অধ্যয়নৰত অৱস্থাতে তেওঁ নক্সাল আদর্শৰ প্রতি আকৃষ্ট হয় আৰু পৰৱর্তী সময়ত একেই অভিযোগত লখিমপুৰৰ ধলপুৰত আৰক্ষীয়ে গ্রেপ্তাৰো কৰে৷ প্রায় ডেৰ বছৰ কাল এই গোচৰত তেওঁ কাৰাগাৰত কটাবলগীয়া হয়৷ পৰৱর্তী সময়ত ছেইণ্ট ষ্টিফেনৰ পৰিৱর্তে কটন মহাবিদ্যালয়ত স্নাতক শাখাত পুনৰ নামভর্তি কৰে৷

কটন মহাবিদ্যালয়ৰ পৰা তেওঁ প্রথম শ্রেণীৰ প্রথমসহ স্নাতক ডিগ্রী লাভ কৰে৷ ইয়াৰ পাছতে কিছুদিনৰ বাবে নিউ বেংক অৱ ইণ্ডিয়াত তেওঁ কাম কৰে৷ তদুপৰি অসম কো–পাৰেটিভ এপেক্স বেংকৰ পাণবজাৰ শাখাত তেওঁ সহকাৰী প্রবন্ধক হিচাপে যোগদান কৰে৷ এই সময়ছোৱাতে চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা তেওঁ প্রথম শ্রেণীসহ আইনত স্নাতক ডিগ্রী লাভ কৰে৷ ইয়াৰ লগে লগে তেওঁ আৰম্ভ কৰে আইনী জীৱন৷ ১৯৮৩ চনৰ মার্চত তেওঁ অধিবক্তা হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ত কর্মজীৱন আৰম্ভ কৰে৷ ১৯৯৯ চনত তেওঁ জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে৷ ২০০৮–২০১২ চনলৈ তেওঁ অৰুণাচল প্রদেশৰ মহাধিবক্তা হিচাপে দায়িত্ব পালন কৰে৷ ২০১৬ চনত পুনৰ তেওঁক অৰুণাচল প্রদেশৰ মহাধিবক্তা হিচাপে নিয়োগ কৰা হয়৷ মৃত্যুৰ সময়লৈকে তেওঁ এই দায়িত্ব পালন কৰি আছিল৷

তদুপৰি ২০০৪–২০০৬ চনলৈ নাগালেণ্ডৰ মহাধিবক্তা হিচাপেও সেৱা আগবঢ়াইছিল প্রয়াত দত্তই৷ ২০০১–২০০২ চনত তেওঁ উচ্চতম ন্যায়ালয়ত অসমৰ অতিৰিক্ত মহাধিবক্তা হিচাপে দায়িত্ব পালন কৰিছিল৷ বাৰ কাউন্সিল অৱ আছাম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্রদেশ আৰু ছিকিমৰ অধ্যক্ষ হিচাপেও গুৰুত্বপূর্ণ ভূমিকা লৈছিল প্রয়াত দত্তই৷ সদৌ অসম উকীল সন্থাৰ গুৱাহাটী আৰু গোলাঘাট সন্মিলনত তেওঁ সভাপতি হিচাপে নির্বাচিত হৈছিল৷ বর্তমান সদৌ অসম উকীল সন্থাৰ তেওঁ আছিল উপদেষ্টা৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট আম্পায়াৰ হিচাপে অভিজ্ঞতা থকা প্রয়াত দত্ত ক্রীড়া সংগঠক হিচাপেও যথেষ্ট সুখ্যাতি অর্জন কৰিছিল৷

আই পি এলত সংঘটিত ফিক্সিং আৰু জুৱা কেলেংকাৰিৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে অৱসৰপ্রাপ্ত ন্যায়াধীশ মুকুল মুডগলৰ নেতৃত্বত গঠন কৰা কমিটীৰ সদস্য আছিল প্রয়াত দত্ত৷ অসম ক্রিকেট সংস্থাৰ তেওঁ কার্যকৰী সভাপতি আৰু উপ–সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল৷ তদুপৰি অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ক্লাব লাইঞ্চেছিং এপিলেট ট্রিবিউনেলৰ তেওঁ আছিল উপাধ্যক্ষ৷

আনহাতে মাতৃৰ নামত স্থাপন কৰা ষ্টুডিঅ’ নীলিমা নামৰ সংস্থাৰ জৰিয়তে তেওঁ আইনী ক্ষেত্রখনৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্রৰ গৱেষণা আৰু সক্ষমতা সৃষ্টিৰ কাম কৰি আহিছিল৷ তেওঁ আছিল মানৱ অধিকাৰ সংগ্রাম সমিতিৰ প্রতিষ্ঠাপক৷ টেহেলকা গোচৰৰ উপৰি তেওঁ ২জি স্পেকট্রাম গোচৰতো সক্রিয় ভূমিকা পালন কৰিছিল৷

উল্লেখ্য যে লয়ার্ছ অৱ ইণ্ডিয়া দিৱসত বাৰ এছ’চিয়েচন অৱ ইণ্ডিয়াই সম্বর্ধনা জ্ঞাপন কৰা উত্তৰ–পূর্বাঞ্চলৰ প্রথমগৰাকী অধিবক্তা হৈছে নিলয় দত্ত৷ তীক্ষ্ণ মেধাসম্পন্ন এইগৰাকী বিশিষ্ট আইনজ্ঞৰ বিয়োগে সমগ্র ৰাজ্যবাসীকে শোকাভিভূত কৰি তুলিছে৷ মৃত্যুৰ সময়ত পুত্র, কন্যা আৰু পত্নী তথা গুৱাহাটী মেডিকেল কলেজৰ প্রাক্তন উপাধ্যক্ষ বিজু চৌধুৰী দত্তৰ লগতে অজস্র আত্মীয়–স্বজনক ইহসংসাৰত এৰি থৈ যায়৷

অৱশ্যে তেওঁৰ নশ্বৰ দেহ কর্ণাটকৰ পৰা অসমলৈ অনা নহ’ল৷ পৰিয়ালৰ লোকে বাংগালুৰুৰ উইলছন গার্ডেনত বিয়লি ৩.৩০ বজাত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে৷

You might also like