নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ড্রাগ্ছ মাফিয়াৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীঃ ৩.৫ কোটি টকাৰ হেৰ’ইন জব্দ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ আৰক্ষীৰ কঠোৰ অভিযান সত্ত্বেও গুৱাহাটীত অব্যাহত আছে ড্রাগ্ছ মাফিয়াৰ দপ্দপনি৷ আজি তেনে এটা মাফিয়া বাহিনীৰ সৈতে আৰক্ষীৰ সংঘাত হয়৷ আৰক্ষীক দেখি পলায়ন কৰা দলটোলৈ লক্ষ্য কৰি আৰক্ষীয়ে দুজাঁই গুলী নিক্ষেপ কৰে৷ হাতীগাঁৱৰ সিজুবাৰীত পুৱাই সংঘটিত এই ঘটনাই মহানগৰীত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷

আৰক্ষীৰ অভিযানকাৰী দলটোৱে ড্রাগ্ছ মাফিয়াকেইজনক কৰায়ত্ত কৰিব নোৱাৰিলেও প্রায় ৩.৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ এক গোপন সূত্রৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কামৰূপ আৰু মহানগৰ আৰক্ষীৰ এটা দলে হাতীগাঁৱত আজি পুৱাৰে পৰা ড্রাগ্ছ মাফিয়া চক্রটোক ধৰিবলৈ খাপ পিটি আছিল৷ অসামৰিক পোছাকত থকা আৰক্ষীৰলোকে ড্রাগ্ছ মাফিয়া চক্রটোৰ পৰা ড্রাগ্ছখিনি ক্রয় কৰাৰ কথা আছিল৷

ড্রাগ্ছ মাফিয়া চক্রটোৱে নম্বৰ প্লেটবিহীন এখন বগা ৰঙৰ বিলাসী বাহন লৈ হাতীগাঁৱৰ পৰা সিজুবাৰীত ড্রাগ্ছ দিবলৈ অহাৰ সময়তে অসামৰিক পোছাকত থকা আৰক্ষীৰ দলটোৱে বাহনখন আগুৰি ধৰে৷ আৰক্ষীৰ দুখন বাহনেৰে গাড়ীখন ৰখাবলৈ চেষ্টা কৰে যদিও মাফিয়া চক্রটোৱে তীব্র বেগেৰে উক্ত স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে৷ আৰক্ষীৰ দলটোৱে বাহনখনলৈ লক্ষ্য কৰি দুজাঁই গুলী চলায়৷ আৰক্ষীৰ গুলী লক্ষ্যভ্রষ্ট হোৱাত তীব্র বেগেৰে উক্ত স্থানৰ পৰা ড্রাগ্ছ মাফিয়াকেইটাই বাহনসহ পলায়ন কৰিবলৈ সক্ষম হয়৷ ড্রাগ্ছ মাফিয়া চক্রটোৱে লৈ অহা বিলাসী বাহনখনত পাঁচজন লোক আছিল৷

ইয়াৰে এজন আৰক্ষী চোৰাংচোৱা আছিল৷ আৰক্ষীয়ে বাধা দিয়াৰ সুযোগতে ড্রাগ্ছভর্তি বেগটো লৈ আৰক্ষীৰ চোৰাংচোৱাজনে বাহনখনৰ পৰা জঁপিয়াই দিয়ে৷ ড্রাগ্ছভর্তি বেগটোত থকা হেৰ’ইনখিনিৰ বজাৰ মূল্য ৩.৫ কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি কামৰূপ আৰক্ষীয়ে কিছুদিন পূর্বে বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ কেইবাটাও ড্রাগ্ছ মাফিয়াক গ্রেপ্তাৰ কৰিছিল৷ উক্ত ড্রাগ্ছ মাফিয়াকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আজি হাতীগাঁৱত এই অভিযান চলাইছিল৷

উল্লেখ্য যে মহানগৰ জিলা যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্ত, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰায়, উপ–আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত আজিৰ এই অভিযান চলিছিল৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে অভিযানটোৰ অধিক তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছে৷ কিন্তু আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি হাতীগাঁৱৰ সিজুবাৰী, বিহাৰীবস্তি, মাজাৰকে ধৰি বিভিন্ন স্থানত জাকিৰ, ৰাহুল আৰু লাবলুৱে ড্রাগ্ছৰ বেহা দীর্ঘদিন ধৰি চলাই আহিছে৷ মণিপুৰ আৰু মিজোৰামৰ ড্রাগ্ছ মাফিয়াৰে সু–সম্পর্ক ৰক্ষা কৰি আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ মাজতো ড্রাগ্ছ মাফিয়া চক্রটোৱে হাতীগাঁৱত মুকলিকৈ ড্রাগ্ছৰ বেহা চলাই আহিছে৷

You might also like