নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিত্রতাৰ দুৱাৰ বন্ধ ৰাখি ৬ সমষ্টিত বিচাৰিলে প্রার্থিত্বৰ আবেদন

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে আসন্ন উপ–নির্বাচনত কংগ্রেছৰ সৈতে মিত্রতা কৰাৰ বাবে প্রদেশ কংগ্রেছৰ নেতৃত্বৰ লগতে নতুন দিল্লীলৈ গৈ ৰাহুল গান্ধী, মুকুল ৱাছনিক আদিৰ দুৱাৰে দুৱাৰে ঘূৰিলে যদিও অৱশেষত অখিলৰ আশাত চেঁচাপানী ঢালিলে কংগ্রেছে৷

কংগ্রেছে উপ–নির্বাচন হ’বলগীয়া ৬টা সমষ্টিতে নিজা প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত গ্রহণ কৰিলে৷ সেই অনুসৰি আজি প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক (প্রশাসন) অপূর্ব কুমাৰ ভট্টাচার্যই এক জাননীযোগে উপ–নির্বাচন হ’বলগীয়া গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি, মাজুলী আৰু থাওৰা সমষ্টিত কংগ্রেছ দলৰ হৈ প্রতিদ্বন্দ্বিতা কৰিব বিচৰা প্রার্থিত্বপ্রত্যাশীসক্ অহা ২৭ ছেপ্ঢেম্বৰৰ ভিতৰত প্রদেশ কংগ্রেছৰ সভাপতিৰ ওচৰত আবেদন দাখিল কৰিবলৈ আহ্বান জনায়৷

আবেদনকাৰীসকলে আবেদনপত্রৰ প্রতিলিপি সংশ্লিষ্ট জিলা কংগ্রেছ কমিটী, সমষ্টিটোৰ অন্তর্গত প্রতিটো ব্লক কংগ্রেছ কমিটী আৰু প্রদেশ কংগ্রেছে প্রতিটো সমষ্টিৰ উপ–নির্বাচনৰ বাবে গঠন কৰি দিয়া সমিতিৰ সভাপতিক দাখিল কৰিবলৈ জাননীখনত উল্লেখ কৰে৷ এইবাৰ উপ–নির্বাচনত আবেদনকাৰী প্রার্থিত্বপ্রত্যাশীসকলক আবেদনৰ সৈতে কোনোধৰণৰ মাচুল আদায় দিব নালাগে বুলিও জাননীখনত কোৱা হৈছে৷

ইয়াৰ লগে লগে আসন্ন উপ–নির্বাচনত কংগ্রেছে কোনো দলৰ সৈতে মিত্রতাপাশত আবদ্ধ নোহোৱাটো স্পষ্ট হৈ পৰিল৷ এনে অৱস্থাত কংগ্রেছৰে মিত্রতাৰ বাবে হাবাথুৰি খাই ফুৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পৰৱর্তী পদক্ষেপ কেনেধৰণৰ হয় সেয়াহে লক্ষণীয় হ’ব৷

You might also like