নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ শিৱসাগৰৰ সাংবাদিক আশ্ৰফুৰ ৰহমানক সম্বৰ্ধনা সংগ্ৰামী সেনা অসমৰ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ আজিৰ পৰা পাঁচটা বছৰৰ পুৰ্বে কেইগৰাকীমান জাতিক ভালপোৱা ডেকাৰ সহযোগত গঠন হোৱা সংগ্ৰামী সেনা অসম নামৰ আগশাৰীৰ টোৱে বয়সৰ লেখেৰে পাঁচটা বছৰ স্পৰ্শ কৰিলে৷ মাত্ৰ পাঁচটা বছৰতেই অসমৰ প্ৰতিটো জাতীয় সমষ্যাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰি অহা আগশাৰীৰ জাতীয় সংগঠনটোৰ ওপজা দিনটো আজি সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত নগৰৰ তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ পুৱা সংগঠনটোৰ প্ৰচাৰ সম্পাদক প্ৰাঞ্জল পূজাৰীয়ে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছতেই বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি লুইচ হাজৰিকাই ৷ আনহাতে কেন্দ্ৰীয় সভাপতি পংকজ খাউণ্ডে পতাকা উত্তোলনেৰে দিনজোৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰাম্ভ কৰাৰ পিছতেই সভাপতি পংকজ খাউণ্ডৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয়৷ সম্পাদক পৰাগ বড়াই উদ্দেশ্য ব্যাখ্যা কৰা আৰু মুখ্য উপদেষ্টা চন্দন ফুকনে আদৰণী ভাষণ আগবঢ়োৱা সভাত নিয়মীয়া বাৰ্তাৰ শিৱসাগৰৰ সাংবাদিক আশ্ৰফুৰ ৰহমান, জেষ্ঠ সাংবাদিক, লিখক মনোজ বৰঠাকুৰ, ফিৰোজ খান আৰু কৌস্তভমণি কাকতিক সম্বৰ্ধনা পত্ৰ স্মাৰক, গামোচা আৰু চেলেং চাদৰেৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ আনহাতে লুপ্তপ্ৰায় সোণোৱালসকলৰ ভাষাৰ প্ৰচাৰ, প্ৰচাৰ, সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে প্ৰচেষ্টা চলাই অহাৰ লগতে দুটা খণ্ডত প্ৰকাশ হোৱা সোণোৱাল ভাষাৰ অভিধান প্ৰকাশৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা লিখক উৎপল সোণোৱালক সংগঠনটোৱে স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু চেলেংচাদৰ সহিতে ‘সমাজ-সৌৰভ বঁটা’ প্ৰদান কৰে৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্ত, আহোম জাতীয় গণমঞ্চৰ সভাপতি মহেন্দ্ৰ দিহিঙ্গীয়া, আহোম সেনাৰ সভাপতি অংকুৰণ ফুকন, অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসে সাৰগৰ্ভ বক্তব্য আগবঢ়ায়। আনহাতে সম্বৰ্ধিত চাৰিগৰাকী সাংবাদিক আৰু ‘সমাজ-সৌৰভ বঁটা’ প্ৰাপক উৎপল সোণোৱালেও সভাত মনৰ অনুভৱ ব্যক্ত কৰাৰ লগতে সংগ্ৰামী সেনা অসমৰ উজ্বল ভৱিষ্যত কামনা কৰাৰ ওপৰিও জাতীয় স্বাৰ্থত নিৰ্ভীকতাৰে ৰাইজৰ পক্ষত আপোচবিহীনভাৱে থিয় হবলৈ আহব্বান জনাই ৷ বহু কেইগৰাকী শিৱসাগৰৰ বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ শিক্ষাৰ্থী উপস্থিত থকা মুকলি সভাত টাইপাৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত আহোম, আটাছুৰ জিলা সমিতিৰ উপ-সভাপতি নিপু শইকীয়া, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ৱালিফুৰ ৰহমান, তাই সংস্কৃতি বিকাশ কেন্দ্ৰৰ সম্পাদক প্ৰদীপ কোঁৱৰ, জ্যেষ্ঠ সাংবাদিক অনিল গুপ্তা, অপূৰ্ব ভূঞা, প্ৰশান্ত বৰগোহাঁই, বিভিন্ন জিলা-শাখা সমিতিৰ কৰ্মকৰ্তাসকলকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷আজিৰ সভাত অংশ গ্ৰহণ কৰা প্ৰতি গৰাকী বিশিষ্ট ব্যক্তিকেই সংগঠনটোৰ জিলা সভাপতি চফৰ আলি, যুটীয়া সম্পাদক পাৰ্থজ্যোতি নৈকাৰ্ক্ষ্য আৰু মানসজ্যোতি ভৰালীয়ে একোখনকৈ গামোচাৰে আদৰণি জনাই ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like