নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ ঘৰুৱা বিষয়ত কিছু উৎসাহ পাব৷ কর্মস্থানত বিশেষ পৰিৱর্তন নাই৷ সা–সম্পত্তি বেচাৰ ক্ষেত্রত সাৱধান হওক৷ পঢ়াত ভালেই৷ শুভ ৰং নীলা, শুভ সংখ্যা ১৷
বৃষ ঃ শৰীৰ পূর্বৰ তুলনাত ভালেই বোলা যায়৷ ছাত্র–ছাত্রীৰ বাবে কিছু হ’লেও অনুকূল বুলিব পাৰি৷ হঠাৎ কোনোৱে বিয়া–বাৰুৰ সিদ্ধান্ত ল’ব পাৰে৷ প্রেমত ভালেই দেখা যায়৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
মিথুন ঃ মন খুব পৰিষ্কাৰ নাথাকিব৷ পঢ়া–শুনাত খুব বেয়া বুলিব নোৱাৰি৷ কর্ম–সংস্কৃতিত থকাসকলক সাময়িকভাৱে ভাগৰুৱা যেন দেখা পাব পাৰে৷ শৰীৰ মধ্যম৷ ভ্রমণ সম্ভৱ৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷
কর্কট ঃ বিদ্যার্থীৰ বাবে কিছু শাৰীৰিক আহুকাল হ’লেও ভয়ৰ কাৰণ দেখা নাযায়৷ কোনো পৰিৱেশৰ বাধাত প্রগতিত ক্ষতিৰ কাৰক৷ ৰাজনীতিত মিলিজুলি চলক৷ প্রেমত চিন্তা থাকিব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ২৷
সিংহ ঃ আপোনাৰ বাক চাতুর্য বৃদ্ধি পাব পাৰে৷ শিল্প–কলা তথা সাহিত্যত উদ্বুদ্ধসকলৰ উৎসাহ থাকিব৷ দাম্পত্যত বিশেষ উদাস নহ’ব৷ কর্মক্ষেত্রত পৰাপক্ষত নিজৰ জোখাৰে কামখিনি সমাধানত মন দিয়ক৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷
কন্যা ঃ প্রবল বাধা–বিঘিনিৰ সংকেতবোৰ নিজৰ মনেৰে ভবাতকৈ কার্যক্ষেত্রত কম পাব৷ কর্মদিনতো দৃঢ়তা ৰাখিব লাগিব৷ বিদ্যাত বেয়া নহ’ব৷ দাম্পত্যত পৰিৱর্তন নাই৷ প্রাপ্যাদিত মধ্যম৷ শুভ ৰং আকাশী, শুভ সংখ্যা ৩৷
তুলা ঃ শিল্পী–সাহিত্যিক কর্মৰ জৰিয়তে প্রশংসিত হ’ব৷ আপোনাৰ উপদেশত আনে উপকৃত হোৱাত সুখ৷ প্রেমত মধ্যম৷ পঢ়া–শুনাত জটিলতা কম৷ নতুন কোনো উৎসাহপূর্ণ যোগাযোগত উপকৃত৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷
বৃশ্চিক ঃ কর্মস্থানত বিশেষ নজৰ ৰখাটো ভাল হ’ব৷ বিদ্যাত বিশেষভাৱে যত্ন লওক৷ পাৰিবাৰিক ক্ষেত্রত শুভ৷ ব্যৱসায় বাণিজ্যত ভালেই দেখা যায়৷ প্রেমত সন্দেহ উপজিব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
ধনু ঃ নিবনুৱাৰ উদ্যোগী মনোভাব থাকিলে কর্মপ্রাপ্তি হ’ব৷ বিদ্যার্থীৰ বিদ্যা লাভ৷ ভ্রমণত বৈদেশিক সূত্রে ধন লাভ৷ শৰীৰৰ প্রতি যত্ন ৰাখক৷ ব্যৱসায়ত লাভৰ কাৰকতা দেখা যায়৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
মকৰ ঃ কর্মক্ষেত্রত আইনজ্ঞৰ দক্ষতা বৃদ্ধি পাব৷ ব্যৱসায়ত বন্ধু–বান্ধৱৰ পৰা সহায় পাব৷ আর্থিক দিশত জটিলতা নাই৷ জ্বৰ, মূৰৰ বিষ, পেটৰ অসুখত ভুগিব পাৰে৷ বিবাহত শুভ যোগাযোগৰ কাৰক৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৯৷
কুম্ভ ঃ কিছুমানে অস্থিৰতা অনুভৱ কৰিব৷ আর্থিক উন্নতিৰ তুলনাত ব্যয়ৰ মাত্রা বেছি৷ শৰীৰো সবল থকাটো টান৷ কল্পনা শক্তি বৃদ্ধি৷ শিল্প–কলাসাধকৰ উৎসাহ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩৷
মীন ঃ আর্থিক চিন্তা পৰিহাৰ কৰি চলক৷ দিনটো প্রায় অনুকূল বুলি ধৰিব পাৰে৷ কোনোৰ কর্ম পৰিৱর্তন বা কিবা ঘৰুৱা কামত ব্যস্ত থাকিব পাৰে৷ প্রেম–প্রীতিত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷

You might also like