নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
বৃষ ঃ আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ বাটে–পথে ফুৰোঁতে সতর্ক হওক৷ বিদ্যাত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
মিথুন ঃ কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ বন্ধুৰ সহায়৷ আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
কর্কট ঃ পূর্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত৷ শৰীৰো ভালে যোৱাৰ কাৰক৷ বিদ্যাত মধ্যম৷ ভ্রমণত শুভ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷
সিংহ ঃ কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে৷ বাকী দিশত মজলীয়া ফল৷ দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব৷ শুভ ৰং হালধীয়া, সংখ্যা ৮৷
কন্যা ঃ কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
তুলা ঃ কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম৷ দাম্পত্যত ভালেই৷ কর্মাদিত উৎসাহ৷ ভ্রমণাদিত অমনোযোগী নহ’ব৷ শুভ ৰং ক’লা, সংখ্যা ৬৷
বৃশ্চিক ঃ ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ পূর্বষাড়াৰ জাতক–জাতিকাই সাৱধান থাকিলে ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷
ধনু ঃ উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ শিক্ষক–বুদ্ধিজীৱীৰ সুখ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷
মকৰ ঃ ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ কিন্তু কোনোৰ প্রিয় বন্ধু–বান্ধৱীৰ সংগত সুখ লাভ৷ যিসকল যোগ্যৱান সুনাম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
কুম্ভ ঃ ৰুক্ষ চিন্তা৷ অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব৷ পঢ়া–শুনাত মনোযোগ লাগিব৷ দুষ্টৰ সংগই বিপদ আনিব পাৰে৷ লোহা–লক্কৰ, ইস্পাত, কাঠ, কয়লা ব্যৱসায়ত লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মীন ঃ আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ ভ্রমণত সাৱধান৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

You might also like