নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ ভালেৰে আৰম্ভ হ’লেও পিছলৈ সাধাৰণ ক্লেশদায়ক সমস্যা উদ্ভৱ হ’ব পাৰে৷ নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা কথাৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব৷
বৃষ ঃ মনলৈ উৎসাহ আহিব৷ নতুন কামত সুযোগ পাব৷ শৰীৰো ভালেৰে পাৰ হ’ব৷ দুৰাৰোগ্রস্তসকলেও কিছু সকাহ পাব৷ বিদ্যাত অনুকূল৷ ভ্রমণৰ দ্বাৰা লাভ হ’লেও সাৱধান হওক৷
মিথুন ঃ প্রায় দিশতে মনটো মুকলি লাগিব, শৰীৰৰ চিন্তা কম৷ বন্ধু–বান্ধৱৰ লগত ভালেই লাগিব৷ শিল্প সুলভতা বৃদ্ধি পাব৷ কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব৷ ভ্রমণত পিছে সাৱধান হওক৷
কর্কট ঃ দুই–এটা বাধাৰ মাজেৰে দিনটো অগ্রগতি কৰিব৷ ঘৰুৱা দিশত ইটো–সিটো থাকিব৷ শৰীৰ সম্পর্কে সাৱধান থাকক৷ সংকটৰ সন্মুখত ৰাখি কোনো যাত্রা বা কাম আদি পাৰিলে স্থগিত ৰাখক৷
সিংহ ঃ উন্নত পৰিৱেশ৷ বিভিন্ন যোগাযোগাদিত আনন্দ পাব৷ ভ্রমণাদিত বিশেষ অসুবিধা নাপায়৷ কিন্তু যাৰ মঙলৰ দশা চলি আছে অলপ সাৱধান হওক৷ সন্তানৰ সুখ৷ বিদ্যাত অনুকূল৷
কন্যা ঃ খুব উন্নত পৰিৱেশ নহ’ব৷ ধর্মীয় অনুষ্ঠানাদিত আনন্দিত হ’ব৷ বন্ধু–বান্ধৱৰ শুভ৷ ব্যক্তিত্ব অক্ষুণ্ণ থাকিব৷ দাম্পত্যত চিন্তা৷ বিদ্যার্থীৰ মধ্যম৷
তুলা ঃ আর্থিক দিশত টানত পৰিলেও কোনো সমস্যাত পৰিলেও কোনো লোকৰ পৰা উপকৃত হ’ব৷ দাম্পত্যত শুভ৷
বৃশ্চিক ঃ হাই–কাজিয়াৰ সূত্রপাত যেন পালে সেই স্থান ত্যাগ কৰক অথবা তর্ক বঢ়াই নলৈ ক্ষিপ্ত অৱস্থাক নিয়ন্ত্রণ কৰক৷ ঘৰুৱাত ভালেই৷ নতুন সংযোগত উৎসাহ৷
ধনু ঃ আর্থিক উন্নতিৰ কাৰক৷ বিদ্যাত জটিলতা নাপাব৷ পুৱাৰ ভাগত সাৱধানেৰে মত বিনিময় আদি কৰক৷ ঘৰুৱা বাধা কম৷ বন্ধুবর্গৰ লগত সৎ পৰামর্শ কৰাটো ভাল৷
মকৰ ঃ শৰীৰ খুব ভালেৰে নাযাব৷ খৰচ পাতি বৃদ্ধি৷ হঠাৎ কোনো কথাত ক্ষিপ্ত হ’ব পাৰে৷ ব্যয়ৰ কাৰক৷ উৎকণ্ঠাৰ পৰা কিছু সকাহ পাব যদিও সম্পূর্ণ সন্দেহযুক্ত নহ’ব৷
কুম্ভ ঃ মনোবল থাকিব৷ কর্মত উৎসাহ থকাত আপোনাৰ গ্রহবোৰ কামত খুঁত নাথাকিব৷ শৰীৰ খুব বেয়া বুলিব নোৱাৰি৷ কিন্তু আকস্মিক বিৰক্তিদায়ক কথাৰ অৱতাৰণা হ’লে এৰাই চলক৷
মীন ঃ কষ্টদায়ক হ’ব পাৰে বুলি হাতত লোৱা বস্তু স্থগিত নৰখাই উচিত হ’ব৷ আর্থিকত উন্নত নহয়৷ ব্যৱসায়তো প্রাপ্ত ধৰণ বাবে অসুবিধাৰ সন্মুখীন হ’ব৷ বন্ধুৰ পৰা উপকৃত৷

You might also like