নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকটক লৈ বিসম্বাদ হ’ব বুলি মই নাভাবোঁ

প্রার্থী তালিকা ঘোষণাৰ পিছত ড০ শর্মা, অসমত পুনৰ মিত্রজোঁটৰ চৰকাৰ নিশ্চিত ঃ সোণোৱাল দলীয় কার্যকর্তাৰ মতামতমর্মেই সমষ্টি সলনি ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ  অসমত পুনৰ মিত্রজোঁটৰ চৰকাৰ নিশ্চিত৷ মিত্রজোঁটে পুনৰ জনতাৰ হূদয় জয় কৰিব পাৰিব৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ শুকুৰবাৰে বিজেপি আৰু অগপৰ প্রথমখন প্রার্থী তালিকা প্রকাশৰ পাছতেই নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মার্গ দর্শন মানি অসমত যোৱা পাঁচটা বছৰ বিজেপি মিত্রজোঁটে সফলতাৰে চৰকাৰ চলালে৷ সকলোৰে সহযোগিতাত ৰাজ্যখনত শান্তি, প্রগতি স্থাপন হৈছে৷ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতিৰে চৰকাৰখনে ৰাইজৰ বাবে কাম কৰি গৈছে৷ সেইদৰে নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমত পুনৰ মিত্রজোঁটৰ চৰকাৰ হ’ব আৰু পূর্বতকৈ আসনৰ সংখ্যাও বাঢ়িব বুলি উল্লেখ কৰে৷ দলীয় টিকটক লৈ বিসম্বাদ হোৱাৰ সম্ভাৱনা নস্যাৎ কৰি তেওঁ কয় যে সকলোৱে দলৰ লগত থাকিব বুলি ভাবে৷ যোৱাবাৰো বহু বিধায়কক দলীয় টিকট দিয়া হোৱা নাছিল৷ তেতিয়াও বিসম্বাদ হোৱা নাছিল৷ এইবাৰো হ’ব বুলি নাভাবে৷

উজনি অসমত বিজেপিৰ ফলাফল এইবাৰ বেয়া হ’ব বুলি বিৰোধীয়ে কৰা মন্তব্য সম্পর্কত তেওঁ কয় যে যোৱাবাৰ উজনি অসমৰ প্রায়বোৰ আসন বিজেপিৰ দখললৈ আহিছিল৷ লোকসভা নির্বাচনতো উজনি অসমৰ আটাইকেইটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে৷ সেইদৰে বি পি এফ সভাপতি হাগ্রামা মহিলাৰীয়ে বিজেপিক উৎখাত কৰিব বুলি দিয়া হুংকাৰ সম্পর্কত মন্ত্রী ড০ শর্মাই কয় যে তেনেদৰে ক’বলৈ তেওঁ কোন হয়? তেওঁ ক’লেই সকলো হোৱা হ’লে তেওঁ বিটিচিৰ চীফ হৈ থাকিলহেঁতেন৷

আনহাতে, জি এছ পিৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে জি এছ পিৰ লগত ইউ পি পি এলৰ মিত্রতা আছে৷ বিজেপিৰ নাই৷ সেয়ে জি এছ পিক আসন দিয়া বিষয়টো ইউ পি পি এল আৰু জি এছ পিয়ে মিলি সিদ্ধান্ত ল’ব৷ ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এইবাৰ সৰভোগৰ পৰিৱর্তে পাটাছাৰকুছিত নির্বাচনত অৱতীর্ণ হোৱাৰ প্রসংগত কয় যে বিজেপি দলটো কেডাৰবেছ দল৷ ২০১১ চনত পাটাছাৰকুছি আৰু কমলপুৰ সমষ্টি বিজেপিয়ে দখল কৰিছিল৷ ২০১৬ চনৰ নির্বাচনত সমষ্টি দুটা অগপক দিয়া হৈছিল৷ কিন্তু দলৰ কার্যকর্তাই এইবাৰ সমষ্টিটোত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰাটো বিচাৰে৷ দলৰ কার্যকর্তাসকলে তেওঁক পাটাছাৰকুছিৰ পৰা নির্বাচনত অৱতীর্ণ হোৱাটো বিচাৰিলে৷ সেয়ে তেওঁ এইবাৰ পাটাছাৰকুছিৰ পৰা নির্বাচনত অৱতীর্ণ হৈছে৷ দলৰ কার্যকর্তাসকলৰ কার্যদক্ষতা আৰু চৰকাৰৰ সফলতাৰ বাবে পুনৰ অসমত বিজেপি মিত্রজোঁটৰ চৰকাৰ হ’ব বুলি তেওঁ দৃঢ়তাৰে কয়৷

You might also like