নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছে ৮৭–ইউডিএফে ২১–বিপিএফে ১২ সমষ্টিত কৰিব প্রতিদ্বন্দ্বিতা

মহাজোঁটৰ আসন বুজাবুজি চূড়ান্ত

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ  যোৱা বুধবাৰৰ পৰা তিনি দিন ধৰি গুৱাহাটীত মাৰাথন বৈঠকৰ অন্তত মহাজোঁটে আসন বুজাবুজি চূড়ান্ত কৰিলে যদিও আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই৷ জানিব পৰা মতে, এ আই ইউ ডি এফক ২১খন, বি পি এফক ১২খন, চি পি আই (এম)ক দুখন, আঞ্চলিক গণ মর্চাক দুখন, চি পি আইক এখন আৰু চি পি আই (এম এল)ক এখন আসন এৰি দি বাকী ৮৭ সমষ্টিত কংগ্রেছে নিজাববীয়াকৈ প্রতিদ্বন্দ্বিতা কৰিব৷ মহাজোঁটৰ এক সূত্রই সদৰী কৰা মতে, এ আই ইউ ডি এফক এৰি দিয়া ২১টা সমষ্টি হৈছে যমুনামুখ, বিলাসীপাৰা পশ্চিম, মানকাচৰ, সোণাই, ধুবুৰী, জনিয়া, সৰুক্ষেত্রী, অভয়াপুৰী দক্ষিণ, ধিং, দলগাঁও, নাওবৈচা, বিলাসীপাৰা পূব, কৰিমগঞ্জ দক্ষিণ, আলগাপুৰ, হাইলাকান্দি, কাটলিচেৰা, বদৰপুৰ, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, ভৱানীপুৰ আৰু গৌৰীপুৰ৷ তদুপৰি আন তিনিটা সমষ্টিত কংগ্রেছ আৰু এ আই ইউ ডি এফে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব৷ সেইদৰে বি টি আৰৰ অধীনস্থ ১২টা সমষ্টি ক্রমে গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, চাপাগুৰি, বৰমা, তামুলপুৰ, কলাইগাঁও, পানেৰী, ওদালগুৰি আৰু মাজবাট সমষ্টি বি পি এফ দলক এৰি দিয়া হৈছে৷ চি পি আই (এম) দলক সৰভোগ আৰু ৰঙিয়া সমষ্টি তথা দিছপুৰ আৰু বটদ্রৱা সমষ্টি আঞ্চলিক গণ মর্চাক এৰি দিয়া হৈছে৷

চি পি আই দলক মৰিগাঁও আৰু চি পি আই (এম এল) দলক বিহালী সমষ্টি দিয়া হৈছে৷ আসন বুজাবুজিৰ এই তালিকা এতিয়াও আনুষ্ঠানিকভাৱে প্রকাশ কৰা হোৱা নাই যদিও সমগ্র প্রেক্ষাপটলৈ লক্ষ্য কৰিলে দেখা যায় যে আসন বুজাবুজিত আজমলৰ ওচৰত কংগ্রেছে আত্মসমর্পণ কৰিলে৷ কিয়নো কংগ্রেছে বর্তমান নিজৰ দখলত থকা ৫টাকৈ সমষ্টি ক্রমে মানকাচৰ, সৰুক্ষেত্রী, দলগাঁও, গোৱালপাৰা পশ্চিম আৰু বদৰপুৰ এ আই ইউ ডি এফক এৰি দিলে৷ ইয়াৰ বিপৰীতে এ আই ইউ ডি এফ দলে তেওঁলোকৰ দখলত থকা এটাও সমষ্টি কংগ্রেছক এৰি দিয়া নাই৷ এনে অৱস্থাত এই আসন বুজাবুজিৰ তালিকা আনুষ্ঠানিকভাৱে প্রকাশৰ পাছত কংগ্রেছৰ ভিতৰত কেনেধৰণৰ প্রতিক্রিয়া হয়, সেয়াহে লক্ষণীয় হ’ব৷

কিয়নো প্রয়াত জামালুদ্দিন আহমেদকে ধৰি বর্তমানৰ ৪গৰাকীকৈ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, জাকিৰ হুছেইন সিকদাৰ, ইলিয়াছ আলী, আব্দুল ৰছিদ মণ্ডলে প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ উপৰি আঞ্চলিক গণ মর্চাৰে কৰা মিত্রতাৰ ফলত দিছপুৰত অকণ বৰা আৰু বটদ্রৱাত গৌতম বৰা এইবাৰ প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাটো অৱধাৰিত হৈ পৰিছে৷ ইপিনে এই আসন বুজাবুজিক লৈ অসন্তুষ্ট হৈ পৰা কংগ্রেছীসকলে ইতিমধ্যে সমগ্র বিষয়টোৰ ওপৰত হাইকমাণ্ডৰ হস্তক্ষেপ বিচাৰিছে৷ কালি নিশাৰে পৰা আজি দিনটোৰ ভিতৰত ক্ষুব্ধ কংগ্রেছীসকলে এ আই চি চিলৈ জাপে জাপে অভিযোগ প্রেৰণ কৰিছে৷ মূলতঃ কংগ্রেছৰ সবল ভিত্তি থকা সমষ্টিসমূহেই এ আই ইউ ডি এফ, আঞ্চলিক গণ মর্চাক এৰি দিয়াৰ বিৰুদ্ধাচৰণ কৰিয়েই তেওঁলোকে বিষয়টোৰ ওপৰত হাইকমাণ্ডক পুনৰীক্ষণ কৰাৰ দাবী জনাইছে৷
আজি দিল্লীত কংগ্রেছৰ নির্বাচন কমিটীৰ বৈঠক
বিধানসভাৰ প্রথম পর্যায়ৰ নির্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৯ মার্চ৷ কিন্তু আজি নিশাপর্যন্ত প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪৭টা সমষ্টিৰ ভিতৰত এটা সমষ্টিৰো প্রার্থী চূড়ান্ত কৰিব পৰা নাই কংগ্রেছে৷ যোৱা বুধবাৰৰে পৰা গুৱাহাটীত প্রদেশ কংগ্রেছৰ নির্বাচন কমিটীৰ বৈঠকৰ লগতে অসমৰ প্রার্থী বাছনিৰ বাবে এ আই চি চিয়ে গঠন কৰি দিয়া স্ক্রীনিং কমিটীৰ বৈঠক ধাৰাবাহিক ৰূপত অনুষ্ঠিত হৈ আছে৷ আজিৰ দিনটোতো গুৱাহাটীৰ হোটেল পেলেচিয়াত স্ক্রীনিং কমিটীৰ বৈঠক অনুষ্ঠিত হয়৷ প্রথম পর্যায়ৰ লগতে দ্বিতীয় পর্যায়ৰো প্রার্থী বাছনি প্রক্রিয়া অব্যাহত ৰাখিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, আজি কংগ্রেছৰ প্রার্থী তালিকা ঘোষণা নহয়৷ কাইলৈৰ দিনটোতহে নতুন দিল্লীত এ আই চি চিৰ নির্বাচন কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব৷ সেই বৈঠকত স্ক্রীনিং কমিটীয়ে যুগুতোৱা প্রার্থী তালিকাৰ ওপৰত পর্যালোচনা কৰি হাইকমাণ্ডে চূড়ান্ত তালিকাত অনুমোদন জনাব৷ সভাপতি বৰাৰ সেই ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈছে যে কাইলৈ আবেলি অথবা দেওবাৰেহে প্রথম পর্যায়ৰ নির্বাচনৰ কংগ্রেছৰ প্রার্থী তালিকা প্রকাশৰ সম্ভাৱনা আছে৷

ইপিনে এইবাৰ অগপৰ টিকটৰ পৰা বঞ্চিত হোৱা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই মহাজোঁটৰ সৈতে যোগাযোগ কৰিছে বুলি প্রদেশ কংগ্রেছৰ সভাপতি বৰাই জানিবলৈ দিয়ে৷ অৱশ্যে মহাজোঁটৰে মহন্তৰ যোগাযোগ সম্পর্কত সংবাদ মাধ্যমৰ আগত অধিক কোৱাৰ পৰা তেওঁ বিৰত থাকে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে অগপ (প্র)ৰ প্রতিনিধি দল এটাই কালি গুৱাহাটীত জিতেন্দ্র সিঙক সাক্ষাৎ কৰি তেওঁলোকে মহাজোঁটৰ অংশীদাৰ হোৱাৰ আগ্রহ ব্যক্ত কৰে৷ ইয়াৰ পাছতেই আজি মহন্তই মহাজোঁটৰে যোগাযোগ কৰা বিষয়টো বিশেষ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ মহন্তই মহাজোঁটত যোগদান কৰিলে স্বাভাৱিকতে নতুন সংগী হিচাপে মহাজোঁটে বঢ়মপুৰৰ আসনখন প্রফুল্ল কুমাৰ মহন্তক এৰি দিব লাগিব৷ উল্লেখ্য যে নতুন দিল্লীত চিকিৎসাধীন হৈ থকা প্রাক্তন মুখ্যমন্ত্রী মহন্ত আজি নিশা গুৱাহাটীত উপস্থিত হয়৷ আনহাতে, আজি গুৱাহাটীত গণ শক্তিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেই আনুষ্ঠানিকভাৱে কংগ্রেছ দলত যোগদান কৰে৷

You might also like