নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিকূল বতৰকো নেওচি হোজাইত ৰঙালী বিহু উদযাপন : জুবলিৰ গীতত দুপৰ নিশালৈকে মোহাচ্ছন্ন বিহুপ্ৰেমী

নিয়মীয়া বার্তা, ১৬ মে :- প্ৰতিকূল বতৰকো নেওচি বাইশ বৰ্ষত ভৰি দিয়া হোজাইৰ বিষ্ণুপল্লীৰ ৰাঙলী বিহু সন্মিলনে যোৱা তেৰ আৰু চৌধ্য মেত দুদিনীয়া কাৰ্যসূচীৰে এই বৰ্ষৰ বিহু সফলতাৰে সমাপন হয় । প্ৰথম দিনা বতৰৰ বিধি পঠালীৰ বাবে কিছু অনুষ্ঠান বাতিল কৰাৰ লগতে কিছু অনুষ্ঠান সীমিত কৰা হয় ।সেই দিনা বৰষুণৰ মাজতেই কিছু পলমকৈ ৰঙালী বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ মুখ্য সভাপতি দিবাকৰ গোস্বামীয়ে । কাৰ্যসূচী মতে ইয়াৰ পিছত সাংস্কৃতিক শোভাযাত্ৰা আছিল যদিও সেয়া বাতিল কৰি অস্থায়ী মঞ্চৰ ৰভাতলীত বিভিন্ন জনগোষ্ঠীৰ নৃত্য গীত পৰিবেশন কৰাৰ উপৰিও মাত্ৰ কণ কণ শিশু সকলৰ মাজত খেল ধেমালি আদি অনুষ্ঠান অনুস্থিত কৰা হয় ।সন্ধিয়া বতৰ কিছু মুকলি সোৱস্ত বিষ্ণুপল্লীৰ গান্ধী বিদ্যপিঠ প্ৰাঙ্গনৰ অস্থায়ী মঞ্চত স্থানীয় শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় । ৰঙালী বিহু সন্মিলনৰ দ্বীতীয় প্ৰথমে কুইজ, আবৃত্তি, আকস্মিক বক্তৃতা আৰু ভেকচন প্ৰতিযোগিতা অনুস্থিত হয় । ইয়াৰ পিছতে অনুষ্ঠিত বঁটা বিতৰণী সভাতেই ৰঞ্জন বৰা আৰু ডঃ ধৰণী লাহন সম্পাদিত বাৰ্ষিক স্মৰণিকা ‘ৰঙালী’উন্মোচন কৰা হয় । এই স্মৰণীকা খন উন্মোচন কৰে ডাঃ আবুল কয়েৰে । এই সভাৰ আৰম্ভণিতে হোজাইৰ বয়োজ্যেষ্ঠ নাগৰিকক বিহুৱানেৰে উলগ জনোৱা হয় । এই সভাত সংখ্যালঘু উন্নয়ন বৰ্ডৰ সভাপতি হবিব মহম্মদ চৌধুৰী, ডাঃ আবুল কয়েৰ, ডঃ সাৰদানন্দ দেৱ গোস্বামী, ডাঃ এল হিলাল চৌধুৰী, জীৱন শৰ্মা প্ৰাক্তন পৌৰ পতি প্ৰদীপ ঘোষ আদিয়ে অংশগ্ৰহণ কৰে । এই সভাখনত সভাপতিত্বত কৰে সন্মিলনৰ মুখ্য সভাপতি ডঃ দিবাকৰ গোস্বামীয়ে । এই সভাৰ অন্তত এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত আন্তৰ্জাতিক খ্যাতি সম্পন্ন বহাগী জনগোষ্ঠীৰ নৃত্যানুষ্ঠান, হাচনা মানা হে নামৰ কৌতুক গোষ্ঠীৰ কৌতুকৰ অনুষ্ঠানৰ পিছত জনপ্ৰিয় সংগীত শিল্পী জুবলি বৰুৱাৰ সংগীতানুষ্ঠানে দুপৰ নিশালৈকে দৰ্শকক বিভোৰ কৰি ৰাখে । বিগত বৰ্ষৰ দৰে এইবাৰো প্ৰতিকূল বতৰটো শৃঙ্খলাবদ্ধ আৰু চাফ চিকুনৰ বজায় ৰাখি অনুষ্ঠান আয়োজন কৰি সমগ্ৰ অঞ্চলটোত বিশেষ আকৰ্ষণ লাভ কৰে ।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like