বিশেষ বার্তা, বৰগাং, ৬ এপ্ৰিলঃ বিশ্বনাথ জিলাৰ অন্যতম সাহিত্য অনুষ্ঠান ৰ’দ গোষ্ঠীৰ উদ্যোগত আৰু তিনিমহীয়া আলোচনী ৰ’দৰ সহযোগত ‘ৰ’দৰ কাব্যৰত্ন বঁটা-২০২২’ অসমীয়া কাব্য সাহিত্যৰ একনিষ্ঠ সেৱক, বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছিল৷ যোৱা ২৭ ফেব্ৰুৱাৰীত বিশ্বনাথ চাৰিআলিৰ হিমালয় বিবাহ ভৱনত অনুষ্ঠিত হোৱা ৰ’দৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বঁটা বিতৰণী কাৰ্য্যসূচীত বিশিষ্ট কবি গৰাকী উপস্থিত থাকিব নোৱাৰাত যোৱা ৪ এপ্ৰিলত ৰ’দৰ সম্পাদক জয়ন্ত বৰুৱা, ৰ’দৰ সম্পাদনা সহযোগী বিকাশজ্যোতি বৰুৱা আৰু ৰ’দৰ ব্যৱস্থাপনা সহযোগী নিকুমণি বৰুৱাই কবিগৰাকীৰ গুৱাহাটীৰ নিজা গৃহলৈ গৈ এই বঁটা তেখেতৰ হাতত প্ৰদান কৰে৷ ৰ’দৰ সম্পাদক জয়ন্ত বৰুৱাই ‘ৰ’দৰ কাব্যৰত্ন বঁটা’ অসমীয়া কাব্য সাহিত্যৰ সাধকগৰাকীক নিজ হাতে প্ৰদান কৰি কবি গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷ বিশিষ্ট কবি সমীৰ তাঁতীলৈ ৰ’দৰ ফালৰ পৰা এই বঁটা প্ৰদান কৰাত অসমৰ কাব্য সমাজে সন্তুষ্টি প্ৰকাশ কৰে ৷ কবি সমীৰ তাঁতীয়েও ‘ৰ’দ’ আলোচনী গোষ্ঠীয়ে দীৰ্ঘ দূৰত্ব বাটকুৰি বাই আহি তেওঁৰ ছাত্ৰ স্ব-গৃহত উপস্থিত হৈ “কাব্য ৰত্ন ‘ বঁটা প্ৰদানেৰে সন্মান জনোৱাত অভিভূত হৈ পৰাৰ কথা কৈ নিজৰ অভিব্যক্তি প্ৰকাশ কৰি ৰ’দৰ সম্পাদক প্ৰমুখ্যে সতীৰ্থবৰ্গ আৰু লগতে ৰ’দ আলোচনীৰ সৈতে জড়িত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
Next Post
You might also like