নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰং জিলা কংগ্ৰেছৰ সভানেত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী

দৰং কংগ্ৰেছৰ সভানেত্ৰী ৰিজুমণি তালুকদাৰৰ বিৰুদ্ধে দলটোৱে কাৰণ দৰ্শোৱাৰ জাননী কৰাৰ সময়তে যুৱ কংগ্ৰেছৰ সভাপতি সেখ আব্দুল্লাৰ বিৰুদ্ধে মঙলদৈ থানাত চৰৰ ভূমি বিক্ৰী কৰি পুনৰ দখল কৰা আৰু হত্যাৰ ভাবুকিৰ দৰে গোচৰ ৰুজু হৈছে।

জিলা এনএছইউআইৰ সভাপতি নিৰ্বাচনকলৈয়ো বঞ্চিতই পদত্যাগৰ দৰে দলকে এৰি দিয়া বিষয়ৰ চাঞ্চল্য মাৰ নৌযাওঁতেই জ্যেষ্ঠ কংগ্ৰেছী তথা উপ-সভাপতিয়ে পদত্যাগ কৰি ইউডিএফত যোগদান কৰাৰ দৰে দিনৌ অবাঞ্চিত ঘটনাৰ সূত্ৰপাত ঘটিছে।

স্বাভাৱিকতে এনেবোৰ কৰ্ম-কাণ্ডৰ পাছত প্ৰশ্ন উঠিছে দৰঙত কোন দিশে গতি কৰিছে কংগ্ৰেছ দলে ? লক্ষনীয় যে, ৫ ডিচেম্বৰত মঙলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সভাত দৰং কংগ্ৰেছৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। এই মাৰপিট ঘটনাৰ বাবে দলৰ জিলা পৰ্যবেক্ষক সলনি কৰি প্ৰাক্তন সাংসদ আৰপি শৰ্মাৰ হতুৱাই এক তদন্ত কৰা হয়।

এই তদন্তৰ প্ৰতিবেদনত কি বিষয় সেই বিষয় পোহৰলৈ অহা নাই যদিও দলীয় কাৰ্যসূচী, প্ৰতিবাদ আদি অনুষ্ঠিত নকৰা, দলীয় শৃংখলা ভংগ আদি ভিন্ন কাৰণত দৰং কংগ্ৰেছৰ সভানেত্ৰী ৰিজুমণি তালুকদাৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। দলটোৰ প্ৰদেশ কমিটিৰ ফালৰ পৰা এনে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।

সভানেত্ৰী গৰাকীৰ জাননী জাৰি কৰাৰ পূৰ্বে ১০ ডিচেম্বৰৰ সন্ধিয়া দৰং কংগ্ৰেছৰ সাধাৰণ সম্পাদক মতলেবুদ্দিন আলিক মঙলদৈ থানাই ভূমি বেদখলৰ গোচৰত গ্ৰেপ্তাৰ কৰে। পিছে, মতলেবুদ্দিনৰ গ্ৰেপ্তাৰৰ গোচৰতে জিলা যুৱ কংগ্ৰেছৰ সভাপতি সেখ আব্দুল্লা সহ আলি আকবৰ, ওচমান গণি, চাইদুৰ ৰহমান, গোলাপ আলি, মিৰু সেখ, বছিৰ আলিৰ বিৰুদ্ধেও ২১৬/২৫ নং গোচৰ ৰুজু হয়।

ভাৰতীয় ন্যায় সংহিতাৰ ১১৫(২)/ ১৩১(২)/ ৩১৮(৪)/ ৩২৪(৫)/ ৬১(২)/ ৭৬ ধাৰাত ৰুজু হোৱা গোচৰটো ১৩ জনকৈ প্ৰতাৰিতই এজাহাৰ দাখিল কৰে। এই গোচৰত অভিযোগ কৰা অনুসৰি, ধৰিয়াখাইতি চৰৰ ১৫০ বিঘা ভূমি আলি আকবৰ আৰু সেখ আব্দুল্লাৰ পৰা ১৩ লাখ টকাৰ বিনিময়ত দখলীস্বত্ব ক্ৰয় কৰে অভিযুক্তৰ দলটোৱে।

কিন্তু, ধন লৈ দখলী দিম বুলি কোৱাৰ পাছতো ৫/৬ বছৰ ধৰি নথি নোপোৱাত চলিতবৰ্ষৰ ২০ নৱেম্বৰত এক ভয়াবহ কাণ্ড সংঘটিত কৰে। হাতত দা, ষাঠি, জেং আদিৰে সু-সজ্জিত ২০/২৫ জনীয়া দল এটাই বিক্ৰী কৰা ৫০ বিঘা ভূমিৰ মাকৈ চাইদুৰৰ ট্ৰেক্টৰৰ হতুৱাই মহতিয়াই তচনচ কৰে। মাকৈ খেতি এনেদৰে নষ্ট কৰি শিৰিষৰ বীজ সিঁচি দখল কৰি লয় পুনৰ। এই ঘটনাত মাৰপিটো হয় আৰু চৰৰ এই ভূমি পুনৰ দখল কৰিব আহিলে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ কৰা হৈছে।

লক্ষনীয় যে, সেখ আব্দুল্লাৰ পিতৃ সহ আব্দুল্লাই চৰৰ এনে বিবাদত নিৰন্তৰ এবাৰ বিক্ৰী কৰা ভূমি বাৰিষা যেতিয়া পানীত ডুবি যায় পাছলৈ আকৌ দখল কৰে। নতুনকৈ বালিচৰ সমূহো বেদখল কৰি ভূ-মাফিয়াৰ কৌশল অৱলম্বনৰ অভিযোগ উত্থাপিত হয়। ব্ৰহ্মপুত্ৰই বাৰিষা নতুনকৈ সৃষ্টি কৰা চৰৰ অচিলাৰেই দখল, বিক্ৰী এক লাভজনক ব্যৱসায় হিচাবে গ্ৰহণ কৰি আহিছে।

এই সন্দৰ্ভত ৫/৬ বছৰ পূৰ্বে সমবায় এখনৰ লগতো সংঘাতৰ সৃষ্টি হৈছিল। যুৱ কংগ্ৰেছ বুলিলে সৃষ্ট ধাৰণা বৰ্তাই ৰখাত সমবায়ৰ ভূমি বিবাদতো সফল হোৱা বুলি সকলো মন্তব্য কৰিছিল। পিছে, সম্প্ৰতি প্ৰশ্ন উঠিছে দৰঙত কংগ্ৰেছৰ সভানেত্ৰী, সম্পাদক সকলৰ কৰ্মকাণ্ডই দলটোক কোন দিশে আগুৱাই নিছে? নিৰ্বাচনৰ প্ৰাকক্ষণত এনেবোৰ দলীয় বিষয়-ববীয়াৰ আচৰণে প্ৰভাৱিত নকৰিব নে?

ষ্টাফ ৰিপৰ্টাৰ, দৰং, ২৫ ডিচেম্বৰ

You might also like