নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত শিক্ষয়িত্ৰীয়ে প্ৰধান আচাৰ্যলৈ দিয়া নগ্ন ফটো ভাইৰেল

বিশেষ বাৰ্তা, ৯ মে’ : বঙাইগাঁৱৰ বইটামাৰীৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষয়িত্ৰীৰ নগ্ন ফটো ভাইৰেল হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি বিদ্যালয়খনত অভিভাৱক তথা ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়। জানিব পৰা মতে, বিদ্যালয়খনৰ শিক্ষয়িত্ৰী এগৰাকীয়ে বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ হোৱাটছ এপ গ্ৰুপত এপ্ৰিল মাহত নিজৰ নগ্ন ফটো প্ৰেৰণ কৰে। তাৰ পিছতে গ্ৰুপত বিদ্যালয়ৰ প্ৰধান আচাৰ্য মাণিক সূত্ৰধৰে দিয়া কমেণ্ট চাই সেই ফটোখন প্ৰধান আচাৰ্যক দিওঁতে ভুলতে শিক্ষয়িত্ৰীগৰাকীয়ে উক্ত গ্ৰুপত প্ৰেৰণ কৰা বুলি ৰাইজে সন্দেহ কৰিছে। গ্ৰুপত দিয়াৰ পিছত কিছু সময় পিছতে ফটোখন ডিলিট কৰে যদিও ইতিমধ্যে বিদ্যালয়খনৰ  অভিভাৱক তথা ৰাইজৰ মাজত  ফটোখন ভাইৰেল হৈ পৰে। তাৰ পিছত আজি অভিভাৱক তথা ৰাইজে বিদ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিদ্যালয়ৰ পৰা প্ৰধান আচাৰ্য আৰু শিক্ষয়িত্ৰীগৰাকীক বহিষ্কাৰ কৰাৰ বাবে ৰাইজে দাবী জনায়। আৰক্ষীয়ো ঘটনাস্থলীত উপস্থিত হৈ প্ৰধান আচাৰ্যগৰাকীৰ মবাইল ফোন জব্দ কৰে। ইফালে ৰাইজৰ প্ৰতিবাদৰ পিছত বিদ্যালয় পৰিচালনা সমিতিয়ে আলোচনামৰ্মে প্ৰধান আচাৰ্য আৰু উক্ত আচাৰ্যাগৰাকীক সাময়িকভাৱে নিলম্বন কৰাৰ লগতে উপযুক্ত ব্যৱস্থা ল’বলৈ শিশু শিক্ষা সমিতিক আহবান জনোৱাৰ সিদ্ধান্ত গ্ৰহন কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰাৰ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক উপানন্দ শৰ্মা
You might also like