নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত পত্নীৰ নগ্ন ফটো ছচিয়েল মিডিয়াত ভাইৰেল স্বামীৰ

বিশেষ বাৰ্তা, ১০ মেঃ কি হৈছে, এই অসমত! নাৰীজনিত ঘটনাই এতিয়া সমগ্ৰ ৰাজ্য কঁপাই তুলিছে।গুৱাহাটী,যোৰহাটৰ পাছত এইবাৰ ডিব্ৰুগড়ত চাঞ্চল্য। প্ৰায় ৩০ খনৰো অধিক পত্নীৰ নগ্ন ফটো চচিয়েল মিডিয়াত আপল’ড কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে দেৰগাঁওৰ ব্ৰীতম নামৰ যুৱকজনে।পুনৰ সমাজক লজ্জানত কৰা এক ঘটনাই তোলপাৰ লগাইছে সমগ্ৰ ডিব্ৰুগড়। ঘটনাৰ অভিকেন্দ্ৰ দেৰগাঁও,যদিও কাহিনী ডিব্ৰুগড়ৰ সৈতে জৰিত।এই ঘটনাও মহিলাকেন্দ্ৰীক,হলেও ঘটনাটোত মহিলা গৰাকী গভীৰ ষড়যন্ত্ৰৰ চিকাৰ হোৱাৰ আশংকা কৰা হৈছে। ডিব্ৰুগড়ৰ এই লজ্জাজনক ঘটনাই এতিয়া সমগ্ৰতে বেচ চাঞ্চল্যৰ সৃষ্টি কৰিছে।নিজ পত্নীৰ নগ্ন ছবি সামাজিক মাধ্যমত ভাইৰেল কৰিলে গোলাঘাট দেৰগাঁও এবানি গাঁৱৰ ব্ৰীতম হাজৰিকা নামৰ লম্পদ বিবাহিত যুৱকজনে। এখন,দুখন নহয়; প্ৰায় ত্ৰিশখনৰো অধিক, পত্নীৰ নগ্ন ফটো সামাজিক মাধ্যম ‘ফেচ বুক’ আৰু ‘ইনষ্টাগ্ৰামত’ আপল’ড কৰি সকলোতে ব্যাপক চাঞ্চল্যৰে তোলপাৰ লগাইছে। জানিব পৰা মতে চচিয়েল মিডিয়াত আপল’ড কৰা বিবাহিত যুৱতী গৰাকীৰ ঘৰ ডিব্ৰুগড়ত।আজি ন্যায় বিচাৰি যুৱতীগৰাকী ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষী থানাত উপস্থিত হোৱাত এই সকলো ঘটনা পোহৰলৈ আহে।তথ্য অনুসৰি এবছৰ পূৰ্বে দেৰগাঁওৰ উক্ত যুৱকজনে প্ৰেমৰ প্ৰলোভন দেখুৱাই যুৱতীগৰাকীক ডিব্ৰুগড়ৰ নিজ গৃহৰ পৰা পলুৱাই নিছিল দেৰগাঁও নিজ গৃহলৈ আৰু স্বামী গৃহত প্ৰায় দুমাহ থকাৰ পিছতে স্বামী ব্ৰীতমৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পুনৰ নিজ গৃহলৈ ঘুৰি আহে বিবাহিতা যুৱতীগৰাকী।কাৰন,বিবাহ সময়ত যুৱতীগৰাকীৰ বয়স আছিল কেৱল মাত্ৰ ১৪ বছৰ।যাৰবাবে যুৱতীগৰাকীৰ পৰিয়ালবৰ্গও এইক্ষেত্ৰত সন্মত হোৱা নাছিল।ইফালে যুৱতীগৰাকী ঘৰলৈ ঘূৰি অহাৰ পিছতেই স্বামী ব্ৰীতম হাজৰিকাই যুৱতীগৰাকীৰ ওপৰত মানসিক অত্যাচাৰ চলাবলৈ ধৰে।স্বামী ঘৰলৈ পুনৰ ঘূৰি নাহিলে যুৱতীগৰাকীৰ নগ্ন ছবি চচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰো ভাবুকি প্ৰদান কৰে।ইয়াৰ পাছতো যুৱতী গৰাকীয়ে নিজ মাতৃ গৃহৰ পৰা দেৰগাওঁৰ স্বামী গৃহলৈ ঘূৰি নোযোৱাত; গিৰিয়েক ব্ৰীতমে সামাজিক মাধ্যম ফেচবুক, ইনষ্টাগ্ৰামত আপলোড কৰে নগ্ন ছবিসমূহ। যুৱতীগৰাকীয়ে যুৱকজনৰ লগত পুনৰ বিবাহ পাশত আৱদ্ধ নোহোৱা বাবে ধুৰন্ধৰ যুৱকজনে বিগত এমাহ ধৰি এইদৰে ছচিয়েল মিডিয়াত ভাইৰেল কৰি আহিছে বিবাহিতা যুৱতীগৰাকীৰ নগ্ন ছবি আৰু ইয়াৰ পিছতেই আজি যুৱতীগৰাকীয়ে ইয়াৰ এক উচিত ন্যায় বিচাৰি লাহোৱাল আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সংবাদ মাধ্যমক বিবাহিত যুৱতী গৰাকীয়ে কয় যে মদ খাই মবাইলত বেলেগ ছোৱালীৰ লগত নিশা বহু দেৰিলৈ কথা পাতি থাকে।বিয়াৰ পিছৰে পৰা সামান্য কথাতে মাৰ-ধৰ কৰে।মই ঘৰত থৈ আহিবলৈ কোৱাত দুমাহৰ পাছতে ঘৰত থৈ যায়।তেতিয়াৰে পৰা মাকৰ ঘৰতে থকা বুলি কৈ যুৱতী গৰাকীয়ে তেওঁৰ ৩০ খনমান নগ্ন ফটো গিৰিয়েক ব্ৰীতমে ফেচবুক আৰু ইনষ্টাগ্ৰামত আপল’ড কৰাৰ অভিযোগ কৰি আৰক্ষীক গোচৰ দিয়া বুলিও সদৰী কৰে।

প্ৰেৰক বিভাস দুৱৰা

You might also like