বিশেষ বাৰ্তা, ১০ মেঃ গুৱাহাটীৰ উলুবাৰীস্থিত কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এন এফ এছ এম আঁচনি ২০২২-২৩ ৰ অধীনত পৰ্যায়ক্ৰমে পাৱাৰটিলাৰ বিতৰণ কৰি থকা হৈছে। যোৱা ১২ এপ্ৰিলত কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত পাৱাৰটিলাৰ বিতৰণৰ শুভাৰম্ভ কৰে জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰীয়ে। পৰ্যায়ক্ৰমে হিতাধিকাৰী কৃষকক দি থকা পাৱাৰটিলাৰ কামৰূপ জিলাত ১৬০ খন আৰু কামৰূপ মেট্ৰ’ জিলাত ৪০ খন দিয়া হ’ব বুলি জনাইছে এ ডি এ স্বপ্নালী বৰুৱাই।
Next Post
You might also like