নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি জিলা বিদ্যালয়ভিত্তিক কুইজ প্ৰতিযোগিতা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ পাঠ্যভিত্তিক জ্ঞানৰ উপৰি নিত্য-নতুন জ্ঞান আহৰণ আৰু বিকাশৰ বাবে সমগ্ৰ শিক্ষা অভিযান ওদালগুৰিৰ উদ্যোগত কালি ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাভিত্তিক কুইজ প্ৰতিযোগিতা এখন অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অন্তৰ্গত অনুষ্ঠিত এই প্ৰতিযোগিতাখন প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাখনত জিলা প্ৰাথমিক শিক্ষা বিষয়া জয়পাল সিং ব্ৰহ্মই উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। তিনিওটা শিক্ষাখণ্ডৰ পৰা নিৰ্বাচিত হৈ অহা মুঠ ১৮খন বিদ্যালয়ৰ ৩৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত বিজয়ীসকল ক্ৰমে প্ৰাথমিক স্তৰৰ ছাটগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ৰ জেবিন চুলতানা আৰু হাফিজা বেগম, ২নং নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মিনতি ঠাকুৰীয়া আৰু দৃষ্টি বৰুৱা আৰু অলংবাৰ মজলীয়া বিদ্যালয়ৰ জেউটিছ বসুমতাৰী আৰু অনছৌৰাং বড়ো। আনহাতে, মাধ্যমিক স্তৰত ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিংকি কলিতা আৰু কবিতা সিং প্ৰথম, কলাগুৰু বিষ্ণু ৰাভা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শুভজিত ভৌমিক আৰু খগেন বাচকোটা দ্বিতীয় আৰু ঠাকুৰীয়াপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰশান্ত ৰয় আৰু প্ৰিয়ংকা বৰ্মনে তৃতীয় স্থান প্ৰাপ্তিৰে বিদ্যালয়কেইখনলৈ গৌৰৱ কঢ়িয়াই আনে।

 

প্ৰেৰক প্ৰফুল্ল কুমাৰ বড়ো

You might also like