নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমৰ ছলনাৰে তিনি দিন কোঠাত আবদ্ধ কৰি মহিলাৰে অপকৰ্ম পুৰোহিতৰ

ৰাজ্যত পুনৰ ধৰ্ষণৰ দৰে এক জঘন্য ঘটনা সংঘটিত হৈছে। এগৰাকী পুৰোহিতৰূপী লম্পটৰ নিৰ্লজ্জ কাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ ওদালগুৰি। ওদালগুৰি জিলাৰ ২নং বৰংগাজুলি নালাপাৰাৰ ৰিংকু শৰ্মা নামৰ পুৰোহিতগৰাকীৰ কু-কৰ্মই এতিয়া সমগ্ৰ জিলাখনতে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ।

পূজা-পাতাল কৰি ৰাইজক আত্মশুদ্ধিৰ মাৰ্গদৰ্শন কৰা ৰজাগড় নালাপাৰাৰ এইগৰাকী লম্পট পুৰোহিতৰ কু-কৰ্ম পোহৰলৈ অহাৰ পাছতে অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। যিগৰাকী ৰিংকু শৰ্মাৰ পূজা-পাতালেৰে সাধাৰণ ৰাইজে পাপৰ প্ৰায়শ্চিত্ত কৰে, আজি সেই ৰিংকু শৰ্মাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ কোনো নাই।

ঘটনাৰ বিৱৰণী মতে, ৰজাগড় নালাপাৰাৰ ৰিংকু শৰ্মা নামৰ পুৰোহিতগৰাকীয়ে এগৰাকী বিবাহ বিচ্ছেদিত মহিলাক তিনি দিন ধৰি বন্ধ কোঠাত আবদ্ধ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পোহৰলৈ অহাৰ লগে লগে পুৰোহিত ৰিংকু শৰ্মাৰ কু-কীৰ্তি ফাদিল হৈছে ।

কামৰূপ গ্ৰাম্য জিলাৰ মহিলাগৰাকীক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ কৰাৰ লগতে বিগত তিনি দিন ধৰি একেটা কোঠাত আবদ্ধ কৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পুৰোহিতৰূপী লম্পট ৰিংকু শৰ্মাৰ বিৰুদ্ধে । লম্পট ৰিংকু শৰ্মাৰ এই কু-কীৰ্তি ফাদিল হোৱাৰ পাছতে নালাপাৰাত দুখনকৈ ৰাজহুৱা সভা অনুষ্ঠিত হয় যদিও এই সভাত উপস্থিত থকাৰ পৰিৱৰ্তে পলায়ন কৰে অভিযুক্ত ৰিংকু শৰ্মাই ।

প্ৰেমৰ জালত আবদ্ধ কৰি মহিলাগৰাকীক দীৰ্ঘদিনে যৌন শোষণ কৰাৰ পাছত পলায়ন কৰা ৰিংকু শৰ্মা নামৰ লম্পটটোৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীয়ে ডিমাকুছি আৰক্ষী থানাত প্ৰৱঞ্চনাৰ এক গোচৰ ৰুজু কৰিছে । পুৰোহিতৰূপী এইগৰাকী লম্পটৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।

নিয়মীয়া বাৰ্তা, ডিমাকুছি , ৫ জুলাই :

You might also like