খাৰুৱা তেল–প্রাকৃতিক গেছ বিচাৰি ব্রহ্মপুত্রৰ বুকুত খনন চলাব অইলে
নিয়মীয়া বাৰ্তা, ২ মে’: খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ সন্ধানত ব্রহ্মপুত্রৰ বুকুত খনন চলোৱাৰ বাবে সাজু হৈছে অইল ইণ্ডিয়া লিমিটেড৷ আজি গুৱাহাটীত এই কথা ঘোষণা কৰে অইলৰ অধ্যক্ষ পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথে৷ সাংবাদিকৰে হোৱা মত বিনিময়ত অইলৰ বিভিন্ন কাম–কাজ সন্দর্ভত বিস্তৃত ব্যাখ্যা কৰি অধ্যক্ষ তথা পৰিচালক সঞ্চালকজনে কয় যে খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ সন্ধানত নাগালেণ্ডৰ ৩ হাজাৰ বর্গকিলোমিটাৰ এলেকাত ইতিমধ্যে আৰম্ভ হৈছে খনন৷ সমান্তৰালভাৱে মিজোৰামতো অইলে অন্বেষণৰ কাম আৰম্ভ কৰিছে৷ পৰৱর্তী সময়ত খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ সন্ধানৰ বাবে ইতিমধ্যে ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ এলেকাত ছিছমিক ডাটা ইকুইজেচন সম্পন্ন কৰা হৈছে৷ পাঠশালা আৰু মঙলদৈ এলেকাৰ ব্রহ্মপুত্রৰ বুকুত অন্বেষণ চলোৱাৰ বাবে ইতিমধ্যে সামৰি লোৱা হৈছে অ’পেন একৰেজ লাইচেঞ্চিং পলিচীৰ অধীনত৷ উল্লেখ্য যে আজি গুৱাহাটীত নুমলীগড় ৰিফাইনেৰী লিমিটেড (এনআৰএল) আৰু অইলে যুটীয়াভাৱে এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰিছিল৷ অনুষ্ঠানত ড০ ৰঞ্জিত ৰথে কয় যে উত্তৰ–পূবৰ প্রতিখন ৰাজ্যতে তেল আৰু প্রাকৃতিক গেছৰ সন্ধানত পৰীক্ষা অব্যাহত আছে৷ অৰুণাচলত খাৰুৱা তেলৰ সন্ধানত খনন আৰম্ভ হৈছে৷ অৱশ্যে নাগালেণ্ড আৰু অৰুণাচলৰ সীমা বিবাদৰ বাবে ৩ হাজাৰ বর্গকিলোমিটাৰ অঞ্চলত অইলে সমগ্র প্রক্রিয়া কিছু ধিৰ গতিত আগবঢ়াই নিছে৷ সীমা সমস্যাৰ বিষয়টো ইতিমধ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ে নিষ্পত্তিৰ বাবে আগুৱাই নিয়াৰ পাছত বিতর্কিত এলেকাত তেল অন্বেষণৰ ক্ষেত্রত দুয়ো ৰাজ্যৰ সৈতে বুজাবুজি চুক্তিৰে অইলে আগবাঢ়িছে৷ এইক্ষেত্রত পৰৱর্তী সময়ত ৰয়েল্টী ভাগ–বাটোৱাৰা কৰিব পৰা ব্যৱস্থা ৰখা হৈছে৷ নাগালেণ্ডত তেলৰ যথেষ্ট ভাণ্ডাৰ থকাৰ কথা উল্লেখ কৰি ড০ ৰঞ্জিত ৰথে ইয়াকো স্পষ্ট কৰে যে উত্তৰ–পূবৰ ৰাজ্যসমূহত তেল আৰু প্রাকৃতিক সম্পদৰ সন্ধান পালেও মূল ভাণ্ডাৰ এতিয়াও অসমতে আছে৷ উজনি অসমত ৪ হাজাৰ বর্গকিলোমিটাৰ এলেকাতো তেলৰ সন্ধানত ইতিমধ্যে থ্রী ডি ছিছমিক ছার্ভে আৰম্ভ হৈছে৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ অইল আৰু অসম গেছ কোম্পানী লিমিটেডে প্রাকৃতিক গেছ বিতৰণৰ ক্ষেত্রত বুজাবুজি চুক্তিত উপনীত হৈছে৷ এই চুক্তিৰ জৰিয়তে অসমৰ লখিমপুৰ, ধেমাজি, দৰং, ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ লগতে ত্রিপুৰাৰ কেইখনমান জিলাত পাইপযোগে প্রাকৃতিক গেছ যোগানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এইক্ষেত্রত চিএনজি ষ্টেচন স্থাপনৰো সিদ্ধান্ত হৈছিল উক্ত চুক্তিমর্মে৷