নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত বাঢ়িছে মুছলমানৰ সংখ্যাঃ দুটা দশকত অসমত ৭৭.৪২% বৃদ্ধি মুছলমান জনসংখ্যা

  • কেন্দ্রীয় চৰকাৰৰ তথ্য গুৱাহাটী উচ্চ ন্যায়ালয়ত

নিয়মীয়া বাৰ্তা, ২ মে’: পূর্ববংগীয় মুছলমানৰ আগ্রাসনে অসমৰ জাতীয় জীৱনলৈ কঢ়িয়াই অনা ভাবুকিক প্রতিহত কৰিবলৈ সাংবিধানিক সুৰক্ষাৰ দাবী দীর্ঘদিনীয়া৷ ভাৰত–বাংলাদেশ সীমান্ত উন্মুক্ত অৱস্থাত থকাৰ সুযোগ গ্রহণ কৰি সন্দেহজনক লোকে অসমৰ ভূমিত প্রৱেশ কৰি সমগ্র জাতিটোৰ ভাষা–সংস্কৃতিৰ প্রতি সৃষ্টি কৰা প্রত্যাহ্বানক লৈ প্রতিজন অসমীয়া চিন্তিত৷ ইয়াৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত ৰাজ্যখনত মুছলমান জনসংখ্যাৰ অনাকাংক্ষিত বৃদ্ধিৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ এটা গোচৰৰ শুনানিৰ সময়ত কেন্দ্রীয় চৰকাৰৰ হৈ উপ–ছলিচিটৰ জেনেৰেল আৰ কেডি চৌধুৰীয়ে প্রকাশ কৰা অনুসৰি ১৯৫১ চনৰ পাছত অসমত লোকপিয়ল অনুসৰি মুছলমান জনসংখ্যা বৃদ্ধি পাইছে৷ এয়া দেশৰ এই অংশ (অসম)টোক আন অংশলৈ লৈ যোৱাৰ চক্রান্ত বুলি উল্লেখ কৰি উপ–ছলিচিটৰ জেনেৰেলগৰাকীয়ে যুক্তি প্রদর্শন কৰি কয়– জনসংখ্যাৰ এই আকস্মিক বৃদ্ধিয়ে ইয়াৰ লোকসকলৰ সংখ্যা বঢ়োৱা নাই, এয়া আন দিশৰ পৰা আহিছে৷ উল্লেখ্য যে ঘোষিত বিদেশীসকলক প্রত্যাৱর্তন নকৰালৈকে কি কি অধিকাৰ লাভ কৰিব সেই সন্দর্ভত দাখিল কৰা এখন আবেদনৰ শুনানিৰ সময়ত কেন্দ্রীয় চৰকাৰৰ হৈ উপ–ছলিচিটৰ জেনেৰেলে এই তথ্য প্রকাশ কৰিছে৷ যোৱা ২৮ এপ্রিলত অনুষ্ঠিত হোৱা গোচৰটোৰ অন্তিম শুনানিত যুক্তি প্রদর্শন কৰি তেওঁ এইবুলিও কয়– ১৯০৫ চনত যেতিয়া ধর্মৰ ভিত্তিত বংগৰ বিভাজন হৈছিল, তেতিয়া ইংৰাজে এই লোকসকলক নদীৰ পাৰত সংস্থাপন কৰিছিল আৰু ইনাৰ লাইন নামেৰে এক লাইন চিহ্ণিত কৰিছিল৷ তেওঁলোক তাত প্রতিষ্ঠা হৈছিল যদিও তেওঁলোকৰ ওচৰত কোনো আইনী সমর্থন নাছিল৷ কিয়নো এয়া কেৱল কাগজতহে লিপিবদ্ধ আছিল৷ গোচৰটোত যুক্তি প্রদর্শনৰ সময়তে তেওঁ পূর্বৰ কেইবাটাও লোকপিয়লৰ তথ্য উল্লেখ কৰি ৰাজ্যখনত মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ প্রকাশ কৰে৷ কেন্দ্রীয় চৰকাৰৰ অধিবক্তাগৰাকীয়ে প্রকাশ কৰা অনুসৰি ১৯৭১ চনৰ লোকপিয়লৰ তুলনাত ১৯৯১ চনৰ লোকপিয়লত অসমত মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৭৭.৪২ শতাংশ৷ ১৯৫১ চনৰ লোকপিয়ল অনুসৰি অসমত মুছলমানৰ জনসংখ্যা আছিল ১৯,৮১,৮৫৭জন৷ এই সংখ্যা ১৯৯১ চনত ৬৩,৭৩,২০৪জনলৈ বৃদ্ধি পায়৷ এই সময়ছোৱাত ৰাজ্যখনত মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে ৩০ শতাংশ৷ উপ–ছলিচিটৰ জেনেৰেলগৰাকীয়ে আদালতত প্রকাশ কৰা অনুসৰি ধুবুৰী, গোৱালপাৰা, বৰপেটা আৰু হাইলাকান্দিত বিগত সময়ছোৱাত মুছলমান জনসংখ্যা বৃদ্ধি পাইছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এই গোচৰটোৰ জৰিয়তে ঘোষিত বিদেশী অথবা অবৈধ প্রব্রজনকাৰীসকল সংবিধানৰ ১৪ আৰু ২১ অনুচ্ছেদৰ অধীনত অধিকাৰ প্রদান কৰিবলৈ নির্দেশ দিয়াৰ বাবে প্রার্থনা জনোৱা হৈছে৷ আদালতত কেন্দ্রীয় চৰকাৰৰ অধিবক্তাগৰাকীয়ে সদৰী কৰা অনুসৰি ঘোষিত বিদেশীসকলে সংবিধানৰ ২১নং অনুচ্ছেদৰ অধীনত কেৱল জীৱনৰ অধিকাৰ লাভ কৰিবলৈ যোগ্য৷ ন্যায়াধীশ এ এম বুজৰবৰুৱা আৰু ন্যায়াধীশ ৰবীন ফুকনৰ খণ্ড বিচাৰপীঠত হোৱা শুনানিৰ সময়ত তেওঁ এইবুলিও কয় যে ঘোষিত বিদেশীসকলে নাগৰিকৰ বাবে উপলব্ধ কল্যাণমূলক আঁচনিসমূহৰ সা–সুবিধা লাভ নকৰিব৷ কিয়নো এই আঁচনিসমূহ কেৱল দেশৰ নাগৰিকসকলৰ বাবেহে৷ গোচৰটোৰ শুনানি ২ মে’ অর্থাৎ কাইলৈ পর্যন্ত স্থগিত ৰখা হৈছে৷ পৰৱর্তী পর্যায়ত দৈনিক এই গোচৰটোৰ শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্রহণ কৰিব৷ উল্লেখ্য যে ২০১৬ চনত মৰিগাঁও জিলাৰ সেই সময়ৰ আৰক্ষী অধীক্ষকে দাখিল কৰা এক প্রতিবেদনৰ ভিত্তিত এই গোচৰটোৰ আবেদনকাৰীক সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰে৷ কিয়নো বিভিন্ন নথি–পত্রত তেওঁৰ পিতৃৰ নাম বিসংগতিপূর্ণ আছিল৷ পৰৱর্তী সময়ত বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্রত্যাহ্বান জনাই লোকজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ আবেদনখন খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে মৰিগাঁও আৰক্ষী অধীক্ষকক যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছিল৷ কিন্তু ২০২২ বর্ষত পুনৰ বিদেশী ন্যায়াধিকৰণে আন এটা গোচৰত তেওঁক হাজিৰ হ’বলৈ নির্দেশ দিয়ে৷ লোকজন বিদেশী ন্যায়াধিকৰণত হাজিৰ হোৱাৰ দিনাই বিদেশী বুলি ঘোষণা কৰি তেওঁক আটক কৰা হয়৷ উচ্চ ন্যায়ালয়ে পূর্বে আৰক্ষী অধীক্ষকক ব্যৱস্থা গ্রহণৰ বাবে নির্দেশ প্রদান কৰি ৰায়দান কৰাৰ পাছত আন এটা গোচৰত লোকজনক আটক কৰিব নোৱাৰে বুলি প্রত্যাহ্বান জনাই লেখ আবেদনখন দাখিল কৰা হৈছে৷

You might also like