নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’হাগৰ প্ৰথম দিনটোতে শোকাৱহ পথ দুৰ্ঘটনাত এজনৰ প্ৰাণহানি, সংকটজনক দুজন

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল : বিহুৰ আনন্দৰ মাজতে গোলাঘাট জিলাৰ ঢেকিয়ালত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰ বেগত অহা দুখন বাইকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। বাইক দুখনৰ নম্বৰ হৈছে AS-05 L-4754 আৰু AS-06X-3097।

ব’হাগৰ প্ৰথম দিনটোতে পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। এই শোকাৱহ দুৰ্ঘটনাত থিতাতে এজন নিহত হয় আৰু দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ঢেকিয়াল আৰক্ষী উপস্থিত হৈ অতি সংকটজনক অৱস্থাত আহত দুয়োজনকে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

You might also like