নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভালুকপুঙত তিনিটা আইইডিসহ এজনক আটক

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ : শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত আজি তিনিটা হস্তনিৰ্মিত আই ই ডি উদ্ধাৰ হোৱাৰ লগতে এজন লোক আটক হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ভালুকপুং বজাৰৰ সমীপত এজন লোকে মোনাত তিনিটাকৈ আই ই ডি কঢ়িয়াই নি থকাৰ অৱস্থাত সন্দেহবশতঃ আৰক্ষীয়ে তালাচী চলায়। তালাচীৰ সময়ত লোকজনৰ পৰা আৰক্ষীয়ে তিনিটাকৈ হস্তনিৰ্মিত আই ই ডি উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত লোকজনক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন লোকজনৰ নান অনন্ত বৰা। লোকজনে ক’ৰপৰা উক্ত আই ই ডি কেইটা কি উদ্দেশ্যৰে আনিছিল সেয়া বাতৰি লিখাৰ সময়লৈকে জানিব পৰা হোৱা নাই।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like