নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অসম দৃষ্টিহীন ক্ৰিকেট দলৰে মত বিনিময় অষ্ট্ৰেলিয়ান দূতাৱাসৰ কনচুল জেনেৰেলৰ

🔴কোনো প্ৰত্যাহ্বানতে মনোবল নেহেৰুৱাই সাহস আৰু উদ্যমৰে আগবাঢ়ি যোৱাৰ আহ্বান

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰঃ ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ উদ্যোগত আজি অসম দৃষ্টিহীন ক্ৰিকেটৰ ল’ৰা আৰু ছোৱালীৰ দল দুটাই গুৱাহাটীৰ হোটেল ৰাজমহলত কলকাতাত থকা অষ্ট্ৰেলিয়ান দূতাবাসৰ কনচুল জেনেৰেল ৰোৱান আইনছোৱৰ্থৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। “উই টক” শীৰ্ষক এই অনুষ্ঠানত দৃষ্টিহীন খেলুৱৈসকলৰ লগতে কেয়াৰ ইউ ৩৬৫ ৰ বোন্দাত থকা অনাথ শিশুৰ আশ্ৰম “জীৱনালয়”ৰ কণ কণ শিশুসকলেও অংশ লয়। ভাৰত-অষ্ট্ৰেলিয়াৰ পাঁচখনীয়া টি-২০ ক্ৰিকেট শৃংখলাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ তৃতীয়খন খেলৰ বাবে অসমলৈ অহা অষ্ট্ৰেলিয়ান দূতাবাসৰ কনচুল জেনেৰেলগৰাকীয়ে দৃষ্টিহীন খেলুৱৈসকলে নিজক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূ্হৰ বুজ লয়। বিশেষভাৱে ছোৱালী খেলুৱৈসকলে দৃষ্টিহীন হোৱাৰ বাবেই প্ৰতিমুহূৰ্ততে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে তেওঁৰ আগত বৰ্ণনা কৰে। এই মত বিনিময় অনুষ্ঠানত আৱেগিক হৈ পৰা দৃষ্টিহীন খেলুৱৈসকলে উপযুক্ত প্ৰশিক্ষণ আৰু আন্তঃগাঁথনিৰ অভাৱ সত্ত্বেও কেনেকৈ অকণো বিচলিত নহৈ প্ৰবল মনোবলেৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ভাল ফল প্ৰদৰ্শন কৰিছে তাৰো অভিজ্ঞতা বৰ্ণনা কৰে। খেলুৱৈসকলে অষ্ট্ৰেলিয়ান কনচুল জেনেৰেলগৰাকীৰ মাধ্যমেৰে তেওঁলোকক ক্ৰিকেটৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰাৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। খেলুৱৈসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি আইনছোৱৰ্থে কয় যে জীৱনত আগবাঢ়ি যাবলৈ প্ৰথমে নিজক চিনি পাব লাগিব। নিজৰ প্ৰতিভা চিনাক্ত কৰি সেই দিশত প্ৰবল আত্মবিশ্বাস আৰু অধ্যৱসায়ৰ দ্বাৰাহে সফলতা অৰ্জন কৰিব পাৰি বুলি তেওঁ কয়। তেওঁ লগতে খেলুৱৈসকলক যিকোনো প্ৰত্যাহ্বানতো মনোবল নেহেৰুৱাই সাহস আৰু উদ্যমৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। খেলুৱৈসকলৰ লগতে অনাথ শিশুৰ আশ্ৰম “জীৱনালয়”ৰ কণ কণ শিশুসকলক পাই বিষয়াগৰাকী আপ্লুত হৈ পৰে। শিশুসকলৰ গীতে-মাতে অনুষ্ঠানটো মুখৰ হৈ পৰে। ইয়াৰ পিছতেই অষ্ট্ৰেলিয়ান কনচুল জেনেৰেলগৰাকীয়ে নেহৰু ষ্টেডিয়ামত দৃষ্টিহীন খেলুৱৈসকলৰ খেল উপভোগ কৰে আৰু তাৰ পৰাই বৰ্ষাপাৰালৈ যায়। কেয়াৰ ইউ ৩৬৫ আৰু অসম ক্ৰিকেট সন্থাৰ দ্বাৰা দৃষ্টিহীন ক্ৰিকেটাৰসকলক উৎসাহিত কৰাৰ এটা ব্যতিক্ৰমী প্ৰয়াসৰূপে আজি এইসকল খেলুৱৈ আৰু “জীৱনালয়”ৰ অনাথ শিশুক ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ খেল দেখুওৱা হয়। আজিৰ অনুষ্ঠানত কেয়াৰ ইউ ৩৬৫ৰ বিষয়া-কৰ্মীসকল উপস্থিত আছিল। উল্লেখযোগ্য যে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে কাম কৰি থকা কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰম্ভ হৈছিল দৃষ্টিহীন ক্ৰিকেটৰ এই যাত্ৰা। সংস্থাৰ উদ্যোগত পলমকৈ হ’লেও অসমে দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। সংস্থাৰ প্ৰচেষ্টাত ২০২১ চনৰ অক্টোবৰ মাহত অসম দৃষ্টিহীন ল’ৰাৰ ক্ৰিকেট দল আৰু ২০২২ চনত বহু চেষ্টাৰ মূৰত ছোৱালীৰ ক্ৰিকেট দলটো গঠন কৰা হয়। প্ৰতিষ্ঠা কালৰে পৰা সন্থাৰ সদস্যসকলৰ অদম্য প্ৰয়াস আৰু কঠোৰ পৰিশ্ৰমৰেই ফচল যে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। নানা প্ৰত্যাহ্বান, আৰ্থিক সমস্যা আৰু প্ৰতিবন্ধকতা স্বত্বেও অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈৰে গঠিত ল’ৰা আৰু ছোৱালীৰ ক্ৰিকেট দল দুটাই বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ কৰি নগাঁৱৰ খেলুৱৈ চিমু দাসে ইতিমধ্যে বাৰ্মিংহামত অনুষ্ঠিত বিশ্ব দৃষ্টিহীন ক্ৰীড়াত জয়লাভ কৰি অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে।

#বাৰ্তা ডেস্ক

You might also like