নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট-মাজুলী সংযোগী দলঙৰ নির্মাণকার্য পৰিদৰ্শন মুখ্যমন্ত্রীৰ

🟢মাজুলী আৰু লখিমপুৰ সংযোগী পথ উন্নীতকৰণ প্রকল্পও পৰিদর্শন মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰঃ মাজুলী ভ্রমণৰ সময়ছোৱাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি যোৰহাট-মাজুলী সংযোগী ব্রহ্মপুত্রৰ ওপৰত নির্মীয়মাণ দলং পৰিদর্শন কৰি নির্মাণকার্যৰ অগ্রগতিৰ বুজ লয়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই লোকনির্মাণ, ৰাষ্ট্রীয় ঘাইপথ আৰু নির্মাণ প্রতিষ্ঠানৰ মুখ্য অভিযন্তা তথা কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে দলংখনৰ কাম-কাজৰ অগ্রগতিৰ পর্যালোচনা কৰে৷ উল্লেখ্য যে মাজুলীবাসীৰ দীর্ঘদিনীয়া দাবীৰ প্রতি লক্ষ্য ৰাখি যোৰহাট আৰু মাজুলী সংযোগী এই দলংখনৰ নির্মাণকার্য ২০২১ বর্ষৰ ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে৷ ৬৫০.০৭ কোটি টকা ব্যয়সাপেক্ষ এই দলংখনৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠিলে দুয়োখন জিলাৰ মাজত প্রত্যক্ষ সংযোগৰ লগতে যাতায়াত ব্যৱস্থাৰ ক্ষেত্রত আমূল পৰিৱর্তন সম্ভৱ হৈ উঠিব৷ ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথোপকথনৰ সময়ত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে বিভাগৰ বিষয়া আৰু নির্মাণকাৰী সংস্থাক বাৰিষাৰ পূর্বে কাম-কাজসমূহ অধিক ক্ষিপ্রতৰ কৰি তোলাৰ বাবে নির্দেশ দিয়া হৈছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই চলিত বর্ষৰ কাম-কাজত সন্তুষ্টি ব্যক্ত কৰে৷ আনহাতে, মুখ্যমন্ত্রী ড০ শৰ্মাই আজি লোকনির্মাণ পথ বিভাগৰ মাজুলী জিলা টেৰিটৰিয়েল ডিভিজনৰ দ্বাৰা মাজুলী আৰু লখিমপুৰ সংযোগী ১৯.৫৪৭ কিঃমিঃ পথ উন্নীতকৰণৰ বাবে লোৱা পথ প্রকল্পৰ নির্মাণকার্যৰ অগ্রগতিৰো বুজ লয়৷ উল্লেখ্য যে এই পথ প্রকল্পত দুখন দলং নির্মাণ কৰি থকা হৈছে৷ ইয়াৰে মাজুলীৰ বালিচাপৰি সংযোগী লুইত নদীৰ ওপৰত ৭০২ মিটাৰ আৰু লখিমপুৰৰ বঙালমৰা সংযোগী সোঁৱণশিৰি নদীৰ ওপৰত ২৮৩০ মিটাৰ দৈর্ঘ্যৰ দলং নির্মাণ কৰি থকা হৈছে৷ এই প্রকল্পটোত মুঠ ব্যয় হব ৬৯৪.৭৭ কোটি টকা৷ আনহাতে, মুখ্যমন্ত্রী ড০ শৰ্মাই নির্মাণস্থলী পৰিদর্শন কৰি নির্মাণ প্রতিষ্ঠানৰ মুখ্য অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞসকলৰ লগত দলংখনৰ নির্মাণকার্যৰ কাৰিকৰী দিশৰ বুজ লয়৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পৰিদর্শন কালত সাংসদদ্বয় প্রদান বৰুৱা আৰু তপন কুমাৰ গগৈ, বিধায়ক ক্রমে ভুৱন গাম, নৱ কুমাৰ দলে, মানৱ ডেকা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ, জিলা আয়ুক্ত কাবেৰী বি শর্মা, লোকনির্মাণ, ৰাষ্ট্রীয় ঘাইপথ আৰু নির্মাণকাৰী সংস্থাৰ অভিযন্তা তথা কাৰিকৰী বিশেষজ্ঞসকল উপস্থিত থাকে৷

#বাৰ্তা ডেস্ক

You might also like