নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি MMCH ৰ পৰা যাবলৈ দিয়া হ’ল এগৰাকী ক’ৰোনা ৰোগী

নিয়মীয়া বাৰ্তা, ১৩ মে’: আজি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ল এগৰাকী ক’ৰোনাত আক্ৰান্ত ৰোগীক । মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা কোভিড-১৯ ৰোগী এগৰাকীয়ে আজি নিজ গৃহলৈ যাবলৈ অনুমতি লাভ কৰে ৷ ইয়াৰ ফলত  ক’ৰোনাৰ পৰা সুস্থ হোৱা ব্যক্তিৰ সংখ্যা ৩৯ গৰাকী হলগৈ ৷

ইপিনে অসমত বৰ্তমানলৈ কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬৪ জন ৷ এগৰাকীয়ে বিহাৰলৈ উভতি গৈছে ৷

লগতে ৰাজ্যত বৰ্তমানো ২২ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷

You might also like